Monday, July 4, 2022
HomeNewsবিজয় হাজাৰে ট্ৰফীৰ বাবে অসম দল ঘোষণা;আঘাতৰ বাবে বাহিৰ ৰিয়ান

বিজয় হাজাৰে ট্ৰফীৰ বাবে অসম দল ঘোষণা;আঘাতৰ বাবে বাহিৰ ৰিয়ান

অলিম্পিয়া প্ৰতিবেদন

অহা ২০ ফেব্ৰুৱাৰীৰ পৰা তামিলনাডুত অনুষ্ঠিত হ’বলগীয়া বিজয় হাজাৰে ট্ৰফীৰ বাবে ঘোষণা কৰা হৈছে অসমৰ দলটো। গকুল শৰ্মাক অধিনায়ক হিচাবে লৈ গঠিত দলটোত কুনাল শইকীয়া আৰু অভিষেক ঠাকুৰীৰ ৰূপত দুজনকৈ উইকেটকীপাৰ বেটছমেনক সুযোগ দিয়া হৈছে।

প্ৰতিযোগিতাখনৰ বাবে অসমৰ নাম প্লেট গ্ৰুপত অন্তৰ্ভুক্ত হৈছে। প্লেট গ্রুপত অসমৰ বাহিৰেও স্থান লাভ কৰা আন চাৰিটা দল হৈছে মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, চিকিম আৰু মিজোৰাম।

অসমে তেওঁলোকৰ অভিযান আৰম্ভ কৰিব ২১ তাৰিখে মণিপুৰৰ বিৰুদ্ধে। ২৩ তাৰিখে দলটো মুখামুখি হব অৰুণাচল প্ৰদেশৰ সৈতে। নাগালেণ্ডৰ বিৰুদ্ধে দলটো অৱতীৰ্ণ হ’ব ২৫ তাৰিখে। ২৭ তাৰিখে চিকিমৰ বিপক্ষে অৱতীৰ্ণ হোৱাৰ বিপৰীতে টুৰ্ণামেণ্টৰ অন্তিমখন মেচত ১ মাৰ্চত দলটো মিজোৰামৰ বিপক্ষে অৱতীৰ্ণ হব।

উল্লেখযোগ্য যে, আঘাতৰ সমস্যাৰ বাবে এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰিব অসমৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে।

ঘোষিত ১৬ জনীয়া দলটো হৈছে, গকুল শৰ্মা(অধিনায়ক), পল্লৱ কুমাৰ দাস, স্বৰূপম পুৰকায়স্থ, ডেনিছ দাস, ছাহিল জৈন, শিৱ শংকৰ ৰয়, ৰাজাকুদ্দিন আহমেদ, কুনাল শইকীয়া( উইকেটকীপাৰ), অভিষেক ঠাকুৰী( উইকেটকীপাৰ), মুখটাৰ হুছেইন, আবু নেছিম আহমেদ, প্ৰীতম দাস, শোণিত লাচিত, অম্লানজ্যোতি দাস, অভিলাস গগৈ আৰু ৰাহুল সিং।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments