অলিম্পিয়া প্ৰতিবেদন
আগন্তুক ছৈয়দ মুস্তাক আলী টি টুৱেন্টি ট্ৰফীৰ বাবে ঘোষণা কৰা হৈছে অসম দলটো। অহা ৪ নৱেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাখনত অসম দলটোক নেতৃত্ব দিব তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে। ঘোষণা কৰা অসম দলটো হৈছে ৰিয়ান পৰাগ(অধিনায়ক), পল্লৱ কুমাৰ দাস, ঋষভ দাস, ডেনিছ দাস, অমৃত সিংহ, ছাহিল জৈন, আকাশ সেনগুপ্তা, ৰাজকুদ্দিন আহমেদ, ৰাহুল সিং, ৰৌচন আলম, অম্লানজ্যোতি দাস, জিতুমণি কলিতা, কুনাল শইকীয়া(উইকেটৰক্ষক), অভিষেক ঠাকুৰী( উইকেটৰক্ষক), মুখটাৰ হুছেইন, প্ৰীতম দাস, ধৰণী ৰাভা। অতিৰিক্ত হিচাবে থকা ৭ গৰাকী ক্ৰিকেটাৰ হল ক্ৰমে শুভম মণ্ডল, নিবিড় ডেকা, ডেনিছ আহমেদ, মৃন্ময় দত্ত, নাচিৰুল্লা ( উইকেটৰক্ষক) , নিপন ডেকা, অভিলাস গগৈ। অসম দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছে অজয় ৰাট্ৰা, প্ৰশিক্ষক ক্ৰমে ষ্টুৱাৰ্ট বিনী, সলিল সিংহ। দলটোৰ ট্ৰেইনাৰ ভাস্কৰ বৰা আৰু ফিজিঅ’ৰ দায়িত্বত আছে কৌস্তভ ভৰদ্বাজ। ভিডিঅ’ এনালিষ্ট হিচাবে ৰাজেশ শৰ্মা থকাৰ বিপৰীতে দলটোৰ মেনেজাৰ হিচাবে দায়িত্ব লাভ কৰিছে প্ৰতিম হাজৰিকাই।