Wednesday, July 6, 2022
HomeNewsEvent Newsছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসম দল ঘোষণা

ছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসম দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

অহা ১ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ জামছেদপুৰৰ টাটা নগৰত অনুষ্ঠিত হ’বলগীয়া ৪০ সংখ্যক এন টি পি চি ছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপলৈ ঘোষণা কৰা হৈছে অসম দলটো। সেই অনুসৰি পুৰুষৰ ৰিকাৰ্ভ শাখাত অসমৰ সঞ্জয় বড়ো, বেৰছ্ৰংগ নাৰ্জাৰী, বিশাল চাংমাই, হেমলেট বসুমতাৰীয়ে অংশ ল’ব। আনহাতে মহিলাৰ ৰিকাৰ্ভ শাখাত সোণালী বসুমতাৰী, আখদ’ৰ বসুমতাৰী, প্ৰমীলা দৈমাৰী আৰু মইনাশ্ৰী বড়োই স্থান লাভ কৰিছে। ইপিনে কম্পাউণ্ড পুৰুষত হেমন্ত বড়ো, জিতেন নাৰ্জাৰী, নিশান্ত টায়ে আৰু অৰ্ণৱজ্যোতি ডেকাই স্থান সুনিশ্চিত কৰাৰ বিপৰীতে কম্পাউণ্ড মহিলাৰ শাখাত মাইনাও নাৰ্জাৰী, বৰ্ণালী বড়ো, জামিনি কাঞ্চন গগৈ আৰু পবি ৰংহাংপিয়ে অসমৰ দলটোত স্থান লাভ কৰিছে। দলটোলৈ অসম আৰ্চাৰী সন্থাৰ সভাপতি জয়ন্ত বড়োই শুভেচ্ছা জ্ঞাপন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments