Wednesday, May 25, 2022
HomeNewsনেপালত জিলিকিল অসমৰ সমৰকলা খেলুৱৈ

নেপালত জিলিকিল অসমৰ সমৰকলা খেলুৱৈ

অলিম্পিয়া প্ৰতিবেদন

আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সমৰকলাৰ খেলুৱৈৰ সাফল্য । নেপালৰ কাঠমাণ্ডুত জিলিকি উঠিছে অসমৰ খেলুৱৈ ।১০ টাকৈ পদক লাভেৰে অসম তথা ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ ।


চলিত মাহৰ ২৬ ৰ পৰা ২৮ নবেম্বৰলৈ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল ২য় সংখ্যক ” ছাফাছ আন্তঃৰাষ্ট্ৰীয় গেমছ ২০২১ ” । বিভিন্ন শাখাত অংশ লবলৈ অসমৰ পৰা নেপাললৈ গৈছিল ১০ গৰাকী সমৰকলা খেলুৱৈ । এই সকল খেলুৱৈয়ে নেপালত দাঙি ধৰিলে উন্নত প্ৰদৰ্শন । ৯ টা স্বৰ্ণ আৰু ১ টা ৰূপৰ পদক অৰ্জনেৰে ভাৰত তথা অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ। নেপালত উৰিল ভাৰতীয় ত্ৰিৰংগা ।


৫ বছৰীয়া ময়ুখ মায়ংক এম এ কাশ্যপে টাইকোৱাণ্ডত দাঙি ধৰিলে চমক। ময়ুখে নেপালৰ পৰা অজুৰি আনিলে স্বৰ্ণ । উশ্বু আৰু কুংফুত স্বৰ্ণজয়ী বাকী খেলুৱৈ সকল হ’ল- ছয়গাওঁৰ মনোজ কুমাৰ দাস , সুনীল ভট্টাচাৰ্য্য , ৰমেন বড়ো , ধৰ্মেন্দ্ৰ বড়ো , নাৰেংগীৰ ছাহজাহান আলি, উত্তম মজুমদাৰ , ছয়গাঁওৰ বিতোপান বড়ো , ছানি দাস । আনহাতে ৰূপৰ পদক অৰ্জন কৰা সমৰকলা খেলুৱৈ গৰাকী হ’ল ইছলাম আলী ।

উল্লেখ্য যে অসম দলটোত মেনেজাৰ আছিল গ্ৰেণ্ড মাষ্টাৰ গমে থাপা , প্ৰশিক্ষক গোবিন্দ দাস, ৰেফাৰি অৰূপ ডেকা আৰু অৰূপ দাস। দলটোৰ এই সাফল্যত আনন্দিত গ্ৰেণ্ড মাষ্টাৰ গমে থাপা। অসমৰ সমৰকলাৰ দলটোক ক্ৰিয়া অনুৰাগী ৰাইজে জনাইছে শুভেচ্ছা । সমৰকলা খেলুৱৈৰ এই বিজয় যাত্ৰা অব্যাহত থাকক অনাগত দিনটো বিশ্বৰ সমৰকলাৰ ক্ষেত্ৰত এইসকল খেলুৱৈ দপদপাই থাকক , তাকেই সকলোৱে কৰিছে কামনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments