Sunday, October 2, 2022
HomeNewsসন্তোষ ট্ৰফী ফুটবলত পুনৰ ব্যৰ্থ অসম

সন্তোষ ট্ৰফী ফুটবলত পুনৰ ব্যৰ্থ অসম

অলিম্পিয়া প্ৰতিবেদন

চলিত বৰ্ষৰ সন্মানজনক সৰ্বভাৰতীয় সন্তোষ ট্ৰফী ফুটবল টুৰ্ণামেণ্টৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ললে অসম দলে । শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব মণ্ডলৰ এ গ্ৰুপৰ এখনো মেচত জয়ী হ’ব নোৱৰাকৈ ব্যৰ্থতাৰে অভিযান সামৰিলে দলটোৱে । যোৱা ২৮ নবেম্বৰৰ প্ৰথম মেচত ঘৰুৱা দল মেঘালয়ৰ বিৰুদ্ধে ২-৬ গ’লত পৰাস্ত হোৱাৰ দুদিন পাছত মঙলবাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে গ’লশূন্য ড্ৰ খেলে । শ্বিলঙৰ সেমেকা জলবায়ু আৰু এষ্ট’টাৰ্ফত খোপনি পুতিব নোৱৰাৰ বাবেই অসম জয়ৰ পৰা বঞ্চিত হয় ।


এ এফ চি ‘এ’ লাইচেঞ্চপ্ৰাপ্ত এছ একেন্দ্ৰ সিঙৰ প্ৰশিক্ষিত অসম দলে যোৱা ২৫ নবেম্বৰলৈকে দুলীয়াজানৰ শিবিৰত আছিল । অইল ইণ্ডিয়াৰ আতিথ্যত দুলীয়াজান নেহৰু ময়দানত উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰা দলটোৰ পৰা এই ফলাফল কোনেও আশা কৰা নাছিল । অসম দলৰ সহকাৰী আৰু গ’লকীপাৰ প্ৰশিক্ষক আছিল ক্ৰমে সঞ্জীবা ৰংপী আৰু লোচন শ‌ইকীয়া ।

অসম সন্তোষ ট্ৰফী দলটোৱে প্ৰথমবাৰলৈ বিমান যোগে ৰাওনা হৈছিল । দলৰ খেলুৱৈসকল হ’ল : গ’লকীপাৰ অৰূপ বৰুৱা ( অধিনায়ক ), সুদেম ৱাৰী, দীপেন মৰাণ, অভিষেক শ‌ইকীয়া, অনুপম বৰগোঁহাই, ৰাকেব বসুমতাৰী, আক্ৰাঙ নাৰ্জাৰী, মিলন বসুমতাৰী, ধৰ্মেন্দ্ৰ দদাস, চাংচন শ‌ইকীয়া, চিৰঞ্জীত গগৈ, অজন্ত ৰাভা, ৰোচন বাৰ্লা, বিশাল ৰবিদাস, সন্দীপ থাপা, ৰিংকাং দৈমাৰী, দীপ গগৈ আৰু অবিনাশ মেচ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments