Thursday, July 7, 2022
HomeNewsছিনিয়ৰ ৰাষ্ট্ৰীয় উশ্বুলৈ অসমৰ দল ৰাওনা

ছিনিয়ৰ ৰাষ্ট্ৰীয় উশ্বুলৈ অসমৰ দল ৰাওনা

অলিম্পিয়া প্ৰতিবেদন

অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ পঞ্জাৱৰ মোহালিস্থিত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত হ’বলগীয়া ২৯ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় উশ্বুলৈ ৩৩ জনীয়া অসমৰ দলটো ঘোষণা কৰা হৈছে।

অসম উশ্বু সন্থাই প্ৰকাশ কৰা তালিকাত পুৰুষৰ ছানশ্ব’ৰ শাখাত স্থান লাভ কৰিছে ক্ৰমে বিক্ৰম থাপা, অভিজিৎ ৰামচিয়াৰী, মৃদুল ৰাভা, জিন্টু স্বৰ্গীয়াৰী, কুৰামদাও বাসুমতাৰী, ক্ষুদ্ৰ পাংগিং, অংকু শৰ্মা, চাকিল ইলজাম, উৎপল বৰা আৰু শৰৎ হাজৰিকা। মহিলাৰ ছানশ্ব’ৰ বাবে বুয়া ৰাভা, ফুলশ্ৰী ব্ৰহ্ম, কিলানি ব্ৰহ্ম, ভাগ্যৰাশী গয়াৰী, সুনিতা লিম্বু, পত্ৰিকা নাৰ্জাৰী, পদ্মিনী ৰাভা আৰু দীপান্বিতা বসুমতাৰীয়ে স্থান লাভ কৰিছে। ইপিনে প্ৰতিযোগিতাখনৰ বাবে টাওলো ৰেগুলাৰত সঞ্জীৱ কুমাৰ সিং, অমিত কুমাৰ ৰাউত, স্নেহা কছাৰী, প্ৰেভেন্টিনা নাৰ্জাৰী, অৰুণ বড়ো, ছানমা ব্ৰহ্ম, ৰেশম চেত্ৰী, ত্ৰিদিব ৰঞ্জন বৰ্মন, কৈলাস বৰ্মন, প্ৰিয়া মুছাহাৰী, নিতা লামা আৰু বিশাল বৰুৱা নিৰ্বাচিত হৈছে।

দলটোৰ মেনেজাৰ তথা প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিব ক্ৰমে ৰহেশ মুছাহাৰী আৰু শিখা ৰাণী দাসে। ইতিমধ্যে অসম দলটোৱে পঞ্জাৱ অভিমুখে ৰাওনা হোৱাৰ কথা সদৰী কৰিছে অসম উশ্বু সন্থাৰ প্ৰচাৰ সম্পাদক গণেশ শীলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments