অলিম্পিয়া প্ৰতিবেদন
১০ জানুৱাৰীৰ পৰা পশ্চিমবংগত অনুষ্ঠিত হ’বলগীয়া চৈয়দ মুস্তাক আলী(টি-টুৱেন্টি) ট্ৰফীত অংশগ্ৰহণৰ বাবে অসম দলটো আজি বিয়লি ৮:৩০ বজাত ৰাওনা হ’ব।
দলটো ১০ জানুৱাৰীত প্ৰতিযোগিতাৰ প্ৰথমখন মেচত হায়দৰাবাদৰ বিপক্ষে অৱতীৰ্ণ হ’ব। ১২ জানুৱাৰীত তামিলনাডুৰ বিপক্ষে দ্বিতীয়খন মেচত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১৪,১৬,১৮ তাৰিখে দলটো মুখামুখি হ’ব ক্ৰমে ঝাৰখণ্ড, বেংগল আৰু উৰিষ্যাৰে। মূল পোন্ধৰজনীয়া অসম দলটোক নেতৃত্ব দিব ঋষভ দাসে।
প্ৰতিযোগিতাখনৰ বাবে ঘোষিত অসম দলটো হ’ল- ঋষভ দাস(অধিনায়ক), পল্লৱ কুমাৰ দাস, ৰিয়ান পৰাগ, চাহিল জৈন, ৰাজকুদ্দিন আহমেদ, ডেনিছ দাস, অমিত সিংহা, মুখটাৰ হুছেইন, প্ৰীতম দাস, অৰূপ দাস, মৃন্ময় দত্ত, ৰাহুল সিং, অভিষেক ঠাকুৰী(উইকেট ৰক্ষক),এৰিক ৰয় আৰু অম্লানজ্যোতি দাস।
দলটোৰ মূল প্ৰশিক্ষকৰ দায়িত্বত আছে অজয় ৰাত্ৰা, সহকাৰী প্ৰশিক্ষক ৰাজীৱ ৰাজবংশী, ফিজিঅ’ কৌস্তৱ ভৰদ্বাজ, ট্ৰেইনাৰ ভাস্কৰ বৰা, ভিডিঅ’ এনালিষ্ট ৰাজেশ শৰ্মা, চিকিৎসক অসীম বৰুৱা আৰু মেনেজাৰ প্ৰতিম হাজৰিকাও দলটোৰ সৈতে ৰাওনা হব।