Tuesday, October 4, 2022
HomeNewsঅসম হওঁক দেশৰ ক্ৰীড়া ৰাজধানী: মাজুলীত মুখ্যমন্ত্ৰীৰ সভা

অসম হওঁক দেশৰ ক্ৰীড়া ৰাজধানী: মাজুলীত মুখ্যমন্ত্ৰীৰ সভা

এসময়ত দেশৰ ক্ৰীড়ামন্ত্ৰী হৈ থকাৰ পৰাই সৰ্বানন্দ সোনোৱালে অসমক দেশৰ ক্ৰীড়া ৰাজধানী ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত চিন্তা-চৰ্চা চলাই আহিছিল। পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা এই শ্ল’গানক জোৰদাৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী সোনোৱালে। তাৰেই ফলশ্ৰুতিত গ্ৰাছৰুট অলিম্পিক: মিছন টেলেণ্ট হান্ট, মুখ্যমন্ত্ৰী গাঁও পঞ্চায়ত ক্ৰীড়া প্ৰতিযোগিতা আদি আঁচনিয়ে বাস্তৱ ৰূপ পাইছে। মুখ্যমন্ত্ৰীৰ নিৰীক্ষণতে এই আঁচনিসমূহ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম অলিম্পিক সন্থাই।

তাৰেই অংশস্বৰূপে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি দলে জিলাই জিলাই সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। তেনে কার্যসূচীৰ অন্তৰ্গত এক অনুষ্ঠানত আজি মাজুলিত উপস্থিত থাকে খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বতো থকা সোনোৱালে মাজুলীৰ ক্ৰীড়া পৰিৱেশ তথা জিলাখনৰ ক্ৰীড়া সম্ভাৱনাৰ বিষয়ে জিলাখনৰ ক্ৰীড়াৰ সৈতে জড়িত বিভিন্ন বৰ্গৰ ব্যক্তিৰ সৈতে আলোচনাত মিলিত হয়। মাজুলীৰ চাৰ্কিট হাউচত অনুষ্ঠিত এই সভাত জিলাখনৰ উপায়ুক্তৰ লগতে জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ লগতে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে উপস্থিত থাকে সন্থাৰ উপ-সভাপতি বিষ্ণুৰাম নুনিচাও। সভাত অসমক দেশৰ ক্ৰীড়া ৰাজধানী হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত কি দৰে আগবাঢ়িব পাৰি সেই সম্পৰ্কে আলোকপাত কৰা হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments