Tuesday, October 4, 2022
HomeNewsআই পি এলৰ আৰ্হিত অসমতো টি-টুৱেন্টি ক্ৰিকেট টুৰ্ণামেণ্ট

আই পি এলৰ আৰ্হিত অসমতো টি-টুৱেন্টি ক্ৰিকেট টুৰ্ণামেণ্ট

অলিম্পিয়া প্রতিবেদন

আই পি এলৰ আৰ্হিত অসমতো টি-টুৱেন্টি ক্ৰিকেট টুৰ্ণামেণ্ট। অসমৰ ছটাকৈ দলৰ অংশগ্ৰহণৰে অসম ক্ৰিকেট সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। ক’ভিড মহামাৰীৰ বাবে বিগত সময়ছোৱাত ৰাজ্যত স্তব্ধ হৈ আছিল ক্ৰিকেটক্ষেত্ৰ। আন্তঃজিলা টুৰ্ণামেণ্টকে ধৰি প্ৰায় সকলো ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত যতি আহি পৰিছিল এই সময়ছোৱাত। ক’ভিডে ক্ৰিকেটক্ষেত্ৰলৈ কঢ়িয়াই অনা অচলাৱস্থাৰ দূৰ কৰি এইবাৰ অসমত অনুষ্ঠিত হ’ব আছাম টি-টুৱেন্টি চেলেঞ্জাৰ্ছ ট্ৰফী। প্ৰতিযোগিতাখনত অসমৰ ছটাকৈ দলে অংশ ল’ব।

আজি গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰি দলকেইটাৰ নাম ঘোষণা কৰে সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই। সেই অনুসৰি প্ৰতিযোগিতাত অংশ লবলগীয়া দলকেইটা হৈছে ক্ৰমে বৰাক ব্ৰেভাৰ্ছ, মানস টাইগাৰ্ছ, ব্ৰহ্মপুত্ৰ বইজ, দিহিং পাটকাই ৰাইডাৰ্ছ, কাজিৰঙা হিৰ’জ আৰু সোৱণশিৰী চেম্পছ। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ পৰাই মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীলৈও অসমৰ দলটো নিৰ্বাচিত কৰা হ’ব। অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৯০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণৰে লীগ পৰ্যায়ত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত সৰ্বমুঠ ৩৩ খন মেচ অনুষ্ঠিত হ’ব।

তাৰোপৰি এই সংবাদমেলতে অসম ক্ৰিকেট সন্থাই ইয়াৰ অন্তৰ্গত ক্ৰিকেটাৰসকলক যোৱা বছৰৰ দৰে বিভিন্ন শিতানত বঁটা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে। লগতে আগন্তুক চিজনৰ বাবে অসম ছিনিয়ৰ পুৰুষ দলৰ প্ৰশিক্ষক ৰূপে পুনৰ অজয় বাট্ৰাৰ হাততে দায়িত্ব অৰ্পণ কৰিছে এ চি এই। অৱশ্যে দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাবে নতুনকৈ ষ্টুৱাৰ্ট বীনিক নিযুক্তি দিয়াৰ কথাও আজিৰ এই সংবাদমেলত উল্লেখ কৰে এ চি এৰ সম্পাদক দেৱজিত শইকীয়াই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments