Thursday, July 7, 2022
HomeNewsঅসম ক্ৰিকেট সন্থাৰ মহানুভৱতাক বিশেষভাৱে শলাগ অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ

অসম ক্ৰিকেট সন্থাৰ মহানুভৱতাক বিশেষভাৱে শলাগ অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ

অলিম্পিয়া প্রতিবেদন

অসম ক্ৰিকেট সন্থাই সম্প্ৰতি বাহুৰ আঘাতৰ বাবে চিকিৎসাধীন হৈ থকা ক্ৰিকেটাৰ ৰামিজ ৰাব্বানীৰ চিকিৎসা খৰছ বহন কৰাৰ কাৰ্য্যৰ বিশেষভাৱে শলাগ লৈছে অসম প্ৰবীণ ক্ৰিকেট সন্থাই। উল্লেখযোগ্য যে অসমৰ অনুর্ধ ২৩ বছৰ দলটোৰ অন্যতম সদস্য তথা বিজয় হাজাৰে ট্ৰফীতো ৰাজ্যক প্ৰতিনিধিত্ব কৰা ক্ৰিকেটাৰগৰাকীৰ চিকিৎসাৰ বিনিময়ত এচিএ’ই এতিয়ালৈ ২ লাখ দহ হাজাৰ টকা ব্যয় কৰিছে।

ক্রিকেট সংস্থাটোৰ এই মহৎ কাৰ্যৰ বাবে অসম প্ৰবীণ ক্ৰিকেট সন্থাই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ সম্পাদক নাছিৰ গুল খানে অসম ক্ৰিকেট সন্থাৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি কয় যে, সন্থাৰ এনে কাৰ্যই ক্ৰিকেটাৰসকলৰ মনত আত্মবিশ্বাসৰ সঞ্চাৰ কৰিব, লগতে তেওঁলোকক আৰু উন্নত প্ৰদৰ্শন কৰিবলৈ উদ্বুদ্ধ কৰি তুলিব।

প্ৰবীণ ক্ৰিকেট সন্থাই এচিএ’ৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিত শইকীয়া, উপ সভাপতি পৰীক্ষিত দত্ত, কোষাধক্ষ ত্ৰিদিব কোঁৱৰ, যুটীয়া সম্পাদক কামাখ্যা শইকীয়াকে ধৰি সন্থাৰ বিষয়ববীয়াসকলক এই ছেগতে ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰো উপৰি ক্ৰিকেট সন্থাটোৱে অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউঞ্চিলে বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ ক্ৰিকেট আন্তঃগাঁথনি নিৰ্মাণৰ বাবে লোৱা পদক্ষেপকো শলাগ লয়। অসমত ক্ৰিকেটৰ বিকাশৰ ক্ষেত্ৰত এনে পদক্ষেপে বিশেষ অৰিহণা যোগাব বুলি আশা কৰে অসম প্ৰবীণ ক্ৰিকেট সন্থাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments