Thursday, September 29, 2022
HomeNewsবিহাৰক বিধ্বস্ত অসমৰ, ছানিয়া মাৰাকৰ পুনৰ হেটট্ৰিক

বিহাৰক বিধ্বস্ত অসমৰ, ছানিয়া মাৰাকৰ পুনৰ হেটট্ৰিক

অলিম্পিয়া প্ৰতিবেদন

ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল চেম্পিয়নশ্বিপত অসমে জয়ৰ ধাৰা অব্যাহত ৰাখিছে । বুধবাৰে কুথুপাৰাম্বা ষ্টেডিয়ামত অঞ্জনা শইকীয়া নেতৃত্বাধীন অসমে বিহাৰক ৮-১ গলৰ ব্যৱধানত বিধ্বস্ত কৰে । গ্ৰুপ চি ৰ মেচখনত অসমৰ ছানিয়া মাৰাকে পুনৰ হেটত্ৰিক অৰ্জন কৰে । মেচখনত ছানিয়াই ক্ৰমে ২০,৭৭,৭৮ মিনিটত গল তিনিটা স্কৰ কৰে । মাত্ৰ ২ মিনিটতে ৰূপালী বড়োয়ে দিয়া গ’লৰ জৰিয়তে অসমে অগ্ৰগতি লাভ কৰে আৰু ১৬ মিনিটত চানিলা বসুমতাৰীয়ে আন এটা গল দি ব্যৱধান বৃদ্ধি কৰে । সাঞ্জলি কেম্প্ৰায়ে ২১ আৰু ৮১ মিনিটত ২ টা তথা স্বপ্নালি মালিয়ে ৫৭ মিনিটত আনটো গল দিয়ে । মেচৰ ৫৯ মিনিটত পুতুল কুমাৰীয়ে বিহাৰৰ হৈ একমাত্ৰ গলটো পৰিশোধ কৰে। ইয়াৰ পূৰ্বে অসমে ছানিয়া মাৰাকৰ হেট্ৰিকৰ সহায়ত ৰাজস্থানক ৭-০ গলত পৰাস্ত কৰিছিল । গ্ৰুপৰ অন্তিমখন মেচত অসমে ৩ ডিচেম্বৰৰ বিয়লি ২.৩০ বজাৰ পৰা হিমাচল প্ৰদেশৰ বিৰুদ্ধে খেলিব । গ্ৰুপৰ পৰা উন্নীত হোৱাৰ লগে লগে অসমে অনাগত ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোগ্যতা অৰ্জন কৰাটো প্ৰায় নিশ্চিত হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments