Thursday, September 29, 2022
HomeNewsৰাষ্ট্ৰীয় মহিলা ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত অসম,ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোগ্যতা অৰ্জন

ৰাষ্ট্ৰীয় মহিলা ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত অসম,ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোগ্যতা অৰ্জন

অলিম্পিয়া প্ৰতিবেদন

হিৰো ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । কেৰালাৰ কুথুপাৰম্বাত শুকুৰবাৰে অনুষ্ঠিত গ্ৰুপৰ অন্তিম মেচত অসমে ২-১ গ’লত পৰাস্ত কৰে হিমাচল প্ৰদেশক । ৰাষ্ট্ৰীয় গলৰক্ষক অঞ্জনা শইকীয়াৰ নেতৃত্বাধীন অসমৰ হৈ ৩৫ মিনিটত প্ৰথমটো গল দিয়ে সুযোগ সন্ধানী ষ্ট্ৰাইকাৰ ছানিয়া মাৰাকে । বিৰতিলৈকে অসমে ১-০ ৰ অগ্ৰগতি লয় । মেচত ৪৯ মিনিটত মিনা বসুমতাৰীয়ে দিয়া গলেৰে ব্যৱধান বৃদ্ধি হয় । কিন্তু ৫২ মিনিটত হিমাচল প্ৰদেশৰ হৈ একমাত্ৰ গলটো পৰিশোধ কৰে পুনমে । গ্ৰুপ চিত শীৰ্ষ স্থান দখলেৰে অসমে অন্তিম আঠলৈ উন্নীত হয় ।

এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত গ্ৰুপ পৰ্যায়ৰ প্ৰথম মেচত অসমে ৰাজস্থানক ৭-০ , বিহাৰক ৮-১ গ’লত পৰাস্ত কৰিছে । তিনিখন মেচত অসমে মুঠ ১৭ টা গল দি নকআউট পৰ্যায়লৈ উন্নীত হয়। এই পৰ্যন্ত ছানিয়া মাৰাকে ২ টা হেটট্ৰিকসহ মুঠ ৭ টা গ’ল , সঞ্জালি কেম্প্রায়ে ৩ টা , ৰূপালী বড়ো আৰু চনিলা বসুমতাৰীয়ে ২ টা কৈ গ’ল স্কৰ কৰে । টুৰ্ণামেন্টৰ গ্ৰুপ পৰ্যায়ত ছানিয়া মাৰাকে দ্বিতীয় সৰ্বাধিক গলদাতা ৰূপে চিহ্নিত হৈছে । কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে অসমে পৰবৰ্তী ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যোগদান অৰ্জন কৰাটো নিশ্চিত হয়। অসমে অহা ৫ ডিচেম্বৰত মণিপুৰৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments