Tuesday, October 4, 2022
HomeNewsঅপ্ৰতিৰোধ্য অসম মহিলা ফুটবল দল, শুক্ৰবাৰে যুঁজত নামিব হিমাচল প্ৰদেশৰ বিৰুদ্ধে

অপ্ৰতিৰোধ্য অসম মহিলা ফুটবল দল, শুক্ৰবাৰে যুঁজত নামিব হিমাচল প্ৰদেশৰ বিৰুদ্ধে

অলিম্পিয়া প্ৰতিবেদন

অপ্ৰতিৰোধ্য অসম মহিলা ফুটবল দল । বিজয় ধাৰাৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চমক দিছে দলটোৱে ।

সন্তোষ ট্ৰফী সৰ্বভাৰতীয় ফুটবল টুৰ্ণামেন্টত অসমে ব্যৰ্থতাৰে অভিযান সামৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় মহিলা ফুটবলত উজলি উঠিছে অসম দল । গ্ৰুপ পৰ্যায়ত ৰাজস্থানক ৭-০ গ’ল আৰু বিহাৰক ৮-১ গ’লত পৰাস্ত কৰাৰ পাছত দলটোৱে শুক্ৰবাৰে হিমাচল প্ৰদেশৰ বিৰুদ্ধে খেলিব ।বৃহস্পতিবাৰে পুৱা অসমৰ খেলুৱৈসকলে কেৰালাত অনুশীলন কৰাৰ দৃশ্য দেখা গৈছে এটা বিশেষ ভিডিঅ’ টোত ।

গ্ৰুপত শীৰ্ষ স্থান দখল কৰিব পাৰিলে অসমে অনাগত ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰতিদ্বন্দিতা কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিব ।অঞ্জনা শইকীয়া নেতৃত্বাধীন অসম ফুটবল দলটোৰ প্ৰশিক্ষক হ’ল ৰাষ্ট্ৰীয় স্কুল দলৰ প্ৰাক্তন অধিনায়ক লক্ষেশ্বৰ কাকতি । মেনেজাৰৰ দায়িত্বত আছে মঞ্জু চলিহা । ক্ৰীড়া প্ৰেমী ৰাইজে আশা কৰিছে অসম দলটোৰ‌ এই বিজয় ধাৰা অব্যাহত থাকক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments