ঝাৰখণ্ডৰ চিমডেগাত আজিৰে পৰা অনুষ্ঠিত ১১সংখ্যক হকী ইণ্ডিয়া ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকী প্ৰতিযোগিতাত অসম দলে নিজৰ প্ৰথমখন খেলত ৰাজস্থান দলক ৭-০গ’লৰ বৃহৎ ব্যৱধানত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে।
অসম হকীৰ সম্পাদক তপন কুমাৰ দাসে জনোৱামতে পুল ‘বি’ৰ খেলখনত আজি অসমৰ জুনিয়ৰ মহিলা হকী দলটোৰ হৈ ববী কৰ্মকাৰে তিনিটা,জয়মতী গড়,লুইচি ৰংমেই,সুস্মিতা খাড়িয়া আৰু মেক্সিমিয়ে এটাকৈ গ’ল স্ক’ৰ কৰে।উল্লেখ্য যে,পুল’বি’ত অসম,হাৰিয়ানা আৰু ৰাজস্থান দল আছে।
✍️নগাঁওৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন