বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ১৯ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট প্ৰতিযোগিতাত অসমে নিৰ্লজ্জ প্ৰদৰ্শন দাঙি ধৰিছে। কালি অনুষ্ঠিত হোৱা পঞ্জাৱৰ বিৰুদ্ধে মেচখনত অসমে ১৫৮ ৰাণৰ বিশাল ব্যৱধানত পৰাজিত হয়। মেচখনত পঞ্জাৱে প্ৰথমে বেট ধৰি ৫০ অভাৰত কণিকা আহুজাৰ বিস্ফোৰক ৯৯ ৰাণৰ সহায়ত ২০০ ৰাণ কৰিবলৈ সক্ষম। কণিকাই ৮৫ টা বলত ১৫ টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰী কোবাবলৈ সক্ষম হয়। অসমৰ ভাগ্যশ্ৰী বৰ্মণে দুটা, অনামিকা বড়ী, হেমি মিলি আৰু প্ৰিয়ংকা বৰুৱাই ১ টা কৈ উইকেট দখল কৰে। ইয়াৰ পিছত অসমে বেট ধৰিবলৈ আহি মাত্ৰ ১৬.৪ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৪২ ৰাণহে কৰিবলৈ সক্ষম হয়। অসমৰ হৈ সৰ্বাধিক ১০ ৰাণ কৰে হেমি মিলিয়ে। ইয়াৰ বিপৰীতে কোনো এগৰাকী ক্ৰিকেটাৰেও দহকৰ ঘৰ চুবলৈ সক্ষম নহ’ল। অসমৰ ১০ টা উইকেট পঞ্জাবৰ ৰমণপ্ৰীত কৌৰ আৰু মুস্কান ছোগীয়ে ৫ টাকৈ ভগাই লয়।
পঞ্জাৱৰ বিৰুদ্ধে অসমৰ নিৰ্লজ্জ প্ৰদৰ্শন; ২০০ ৰাণৰ লক্ষ্য লৈ ৪২ ৰাণতে হেৰুৱালে আটাইকেইটা উইকেট
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...