Friday, September 30, 2022
HomeNewsঅনুৰ্দ্ধ ১৯ বৰ্ষৰ ভাৰতীয় মহিলা ফুটবল দলৰ শিবিৰলৈ অসমৰ দুই খেলুৱৈ

অনুৰ্দ্ধ ১৯ বৰ্ষৰ ভাৰতীয় মহিলা ফুটবল দলৰ শিবিৰলৈ অসমৰ দুই খেলুৱৈ

অলিম্পিয়া প্রতিবেদন

অসম ফুটবলৰ বাবে ভাল খবৰ। অনুৰ্দ্ধ ১৯ বৰ্ষৰ ভাৰতীয় মহিলা ফুটবল দলৰ শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিছে অসমৰ দুই প্ৰতিভাৱান খেলুৱৈয়ে। খেলুৱৈ দুগৰাকী হৈছে কোকৰাঝাৰৰ মাইদাংশ্ৰী নাৰ্জাৰী আৰু অপূৰ্ণা নাৰ্জাৰী। খেলুৱৈ দুগৰাকীক সৰ্বভাৰতীয় ফুটবল সন্থাৰ সৌজন্যত অসমত অনুষ্ঠিত এক স্কাউটিং শিবিৰৰ পৰা নিৰ্বাচিত কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ যোৰহাট জিলা সন্থাৰ খেলপথাৰ আৰু কোকৰাঝাৰ ষ্টেডিয়ামত অনুষ্ঠিত যোৱা ২৭ ৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হৈছিল এক স্কাউটিং শিবিৰ। ১৫, ১৬ আৰু ১৭ বছৰ অনুৰ্দ্ধ ভাৰতীয় জাতীয় দলৰ শিৱিৰৰ বাবে খেলুৱৈ নিৰ্বাচনৰ উদ্দেশ্যে আয়োজিত এই “স্কাউটিং” শিৱিৰত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯০০ খেলুৱৈয়ে অংশ লৈছিল।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ স্কাউটিং বিভাগৰ সঞ্চালক শ্ৰীবিক্ৰম নাভিডেকাৰ নেতৃত্বত ভাৰতীয় বিভিন্ন বয়সৰ জাতীয় দলৰ চাৰিজন প্ৰশিক্ষকৰ সৈতে অহা পাঁচজনীয়া দলটোৱে খেলুৱৈৰ বাছনি প্ৰক্ৰিয়াত অংশ লৈছিল। অসমৰ পৰা দুগৰাকীকৈ খেলুৱৈ এনেদৰে ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰাক লৈ সুখী অসমৰ ক্রীড়াপ্ৰেমী। অসম ফুটবল সন্থাৰ সহযোগিতাত উক্ত স্কাউটিং শিবিৰ সফলতাৰে আয়োজন কৰাৰ বাবে স্থানীয় ক্রীড়াপ্ৰেমী ৰাইজে সন্থাৰ বিষয়ববীয়াসকলৰ শলাগ লৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments