Wednesday, October 5, 2022
HomeMiscellaneousহিমা, লাভলিনা, অংকুশিতা, ভাগ্যৱতী, অস্মিতা, নয়নমণি, পখিলা, ৰুণজুন... দেশ-বিদেশৰ ক্ৰীড়াংগনত উজলিছে ...

হিমা, লাভলিনা, অংকুশিতা, ভাগ্যৱতী, অস্মিতা, নয়নমণি, পখিলা, ৰুণজুন… দেশ-বিদেশৰ ক্ৰীড়াংগনত উজলিছে অসম কন্যা

✍️ অলিম্পিয়াৰ প্ৰতিবেদক

যি সময়ত সমগ্ৰ বিশ্বত নাৰীবাদী চিন্তাধাৰাই এক গতি লাভ কৰিছে, সমগ্ৰ বিশ্বতে উচ্চাৰিত হৈছে নাৰীবাদৰ অমোঘ মন্ত্ৰ, ‘মী-টু’ৰ ধুমুহাই আলোড়িত কৰিছে সমগ্ৰ বিশ্বৰে আকাশ, তেনে এক সময়ত অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত মহিলাৰ আধিপত্যই নাৰীবাদৰ আন এক দিশৰ উন্মোচন কৰিছে। নাৰী হোৱাৰ গৌৰৱকে উদ্ভাষিত কৰি অসমৰ মহিলাই বিশ্ববাসীৰ সমুখত আগত দা¿ã ধৰিবলৈ সক্ষম হৈছে অসমীয়া মহিলাৰ শক্তি তথা সামৰ্থ। অসমীয়া নাৰী আজি বিশ্ব ক্ৰীড়াংগনত তৰাৰ দৰে জিলিকি উঠিছে। হিমা, লাভলিনা, অংকুশিতা, অস্মিতাক লৈ এতিয়া সমগ্ৰ ভাৰতে গৌৰৱ কৰে। যোৱা কেইটামান বছৰে এইদৰে ন  ন বিশ্বমানৰ মহিলা খেলুৱৈ অসমে বিশ্ববাসীক উপহাৰ দিবলৈ সক্ষম হৈছে। আমি আজি এই লেখাত বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ কেইগৰাকীমান মহিলা খেলুৱৈৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যিসকলে নিজকে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰখনৰ ভৱিষ্যত তাৰকা হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা বহন কৰিছে।

হিমা দাস ঃ

নগাঁৱৰ ধিঙৰ জীয়ৰী হিমাই এথলেটিক্‌ছ ক্ষেত্ৰত দাঙি ধৰিছে দুৰন্ত প্ৰতিভা। Îট্ৰকৰ দুৰন্ত গতিৰে এই দৌৰবিদগৰাকীয়ে ৰাজ্য তথা দেশৰ ক্ৰীড়া ক্ষেত্ৰত বহন কৰিছে অপাৰ সম্ভাৱনা। দীৰ্ঘদিনৰ মূৰত ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা লৈ ধৰা দিছে এগৰাকী মহিলা দৌৰবিদে। জুনুমণি শইকীয়াৰ পিছত অসমত দৌৰৰ Îট্ৰকত চৰ্চিত হোৱা নাছিল তেনে কোনো খেলুৱৈৰ নাম। কিন্তু হিমাৰ উপস্থিতিয়ে বহন কৰিছে এক উজ্জ্বল নক্ষত্ৰৰ আগমনৰ সম্ভাৱনা। পাতিয়ালাত অনুষ্ঠিত ফেডাৰেচন কাপ ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিক্‌ছ প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনীৰেই গ’ল্ড কোষ্ট কমনৱেলথ গেমছলৈ পথ প্ৰশস্ত কৰিছিল হিমা দাসে। ফেডাৰেচন কাপ এথলেটিক্‌ছ চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে অংশ লৈয়ে দুগৰাকীকৈ অলিম্পিয়ানক চেৰ পেলাই স্বৰ্ণপদক জয় কৰিছিল হিমাই। দাঙি ধৰিছিল নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। ৪০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁ সময় লয় ৫১.৯৭ ছেকেণ্ড। ২০১৭ চনত চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুকলি এথলেটিক্‌ছত ২০০ মিটাৰ দৌৰত ২৪.২৬ ছেকেণ্ড সময় লৈ স্বৰ্ণপদক জয় কৰিছিল খেলুৱৈগৰাকীয়ে। ২০১৮ বৰ্ষ হিমা তথা সমগ্ৰ অসমবাসীৰ বাবে আছিল এক সোণালীময় বৰ্ষ। চলিত বৰ্ষৰ এপ্ৰিলত অষ্ট্ৰেলিয়াত অনুষ্ঠিত ৪০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰৱেশ কৰি হিমাই ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়। তাৰ পিছত জুলাইত ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব ২০ বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপত ৫১.৪৪ ছেকেণ্ড সময় লৈ স্বৰ্ণ জিকিবলৈ সক্ষম হয় হিমা। স্বৰ্ণ জিকাৰ সেই বিশেষ মূহূৰ্তটোৱে সমগ্ৰ দেশতে এক আলোড়নৰ সূচনা কৰিলে। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি বলিউডৰ তাৰকালৈ সকলোৱে প্ৰশংসাৰে উপচাই পেলালে হিমাক। ইয়াৰ পিছত আহিল এছিয়ান গেমছ। ইয়াত ৪০০ মিটাৰ দৌৰত হিমাই নিজৰ নামতে থকা ৰাষ্ট্ৰীয় অভিলেখক অতিক্ৰম কৰি ৰূপৰ পদক জিনিবলৈ সক্ষম হয়। ইয়াৰ লগতে এছিয়ান গেমছত হিমাই মহিলা ৪x৪০০ মিটাৰ ৰিলেইত স্বৰ্ণ আৰু মিক্সড্‌  ৪x৪০০ মিটাৰ ৰিলেইট ৰূপৰ পদক কঢ়িয়াই আনি পুনৰবাৰ বিশ্বৰ খেলপথাৰত জিলিকি উঠিবলৈ সক্ষম হয়।

উল্লেখ্য যে এথলেটিক্‌ছ ক্ষেত্ৰত নমাৰ আগেয়ে হিমা আছিল এগৰাকী ফুটবলাৰহে। দেউতাক ৰঞ্জিত দাসৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পাইছিল সেই প্ৰতিভা। মহিলা ফুটবলত কেইবাবাৰো তেওঁ নগাঁও জিলাক প্ৰতিনিধিত্ব কৰিছিল। সপোন আছিল নিজকে বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গঢ়ি তোলাৰ। কিন্তু সময়ত তেওঁ অনুভৱ কৰিলে যে অসমত মহিলা ফুটবল খেলি বিশ্ব দৰবাৰলৈ তেওঁ আগুৱাব নোৱাৰে। গুৱাহাটীত হোৱা এক আন্তঃস্কুল মীটত ফুটবলৰ পৰিৱৰ্তে এথলেটিক্‌ছত মনোনিৱেশ কৰিবলৈ তেওঁক পৰামৰ্শ দিলে এজন আয়োজকে। এবছৰৰ ভিতৰতে য়ুথ নেচনেলছত ৰূপৰ পদক জয়েৰে হিমাই দৃষ্টি আকৰ্ষণ কৰিলে এথলেটিক্‌ছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ কৰ্মকৰ্তাৰ। এথলেটিক্‌ছ ক্ষেত্ৰত সোনকালেই অফুৰন্ত প্ৰতিভাৰ প্ৰমাণ দিয়া হিমা এতিয়া ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ চিনাকি নাম। অক্লান্তভাৱে হিমাৰ এই যাত্ৰা হওক অবিৰত।

লাভলিনা বৰগোহাঁই ঃ

সৰুৰে পৰা খেলা-ধূলা কৰি ভাল পোৱা ছোৱালীজনীৰ খেলাৰ প্ৰতি থকা ধাউতিৰ উমান পাইছিল তেওঁৰ এগৰাকী সম্পৰ্কীয় বায়েকে। সেয়ে বায়েকগৰাকীয়ে মাৰ্চিয়েল আৰ্ট মুৱাথাই শিবিৰৰ নিমিত্তে ছোৱালীজনীক লৈ গৈছিল প্ৰশান্ত দাস নামৰ প্ৰশিক্ষকজনৰ ওচৰলৈ। সেয়া আছিল ২০১১ চনৰ কথা। ছোৱালীজনীৰ বয়স তেতিয়া মাথোঁ চৈধ্য বছৰ। মুৱাথাইত দেখুওৱা পাৰদৰ্শিতাই তাইৰ অধ্যয়নৰত বিদ্যালয়খনৰ খেলৰ শিক্ষকজনৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়। ছোৱালীজনীৰ ক্ৰীড়া  প্ৰতিভাৰ উমান পাই সেয়ে শিক্ষকজনে তাইক ছাইৰ প্ৰশিক্ষক পদুম বড়োৰ ওচৰলৈ লৈ গ’ল। তেনেদৰেই ছাইত প্ৰশিক্ষণৰ বাবে ছোৱালীজনী নিৰ্বাচিত হয় আৰু  এইবাৰ মুৱাথাই নহয়, বৰং বক্সিং জগততহে তাই খোজ পেলায়। বক্সিং কি সেয়া বৰ বিশেষ একো নজনাকৈয়ে ২০১২ চনৰ জুলাইত অনুষ্ঠিত  হোৱা প্ৰথম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত ভাগ লৈ সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়। বৰ্তমান ভাৰতীয় বক্সিং জগতৰ এক চিনাকি নাম হৈ পৰা গোলাঘাটৰ বৰমুখীয়া গাঁৱৰ সেই সৰুতে  খেলি-ধূলি ভাল পোৱা ছোৱালীজনীয়েই হৈছে লাভলিনা বৰগোহাঁই। পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁইৰ সুযোগ্যা সন্তান লাভলিনাই ছাই গুৱাহাটীত ভৰ্তি হোৱাৰ পিছৰে পৰা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ ইটোৰ পিছত সিটো পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২০১৩ চনত ‘ছাৰ্বিয়া’ত অনুষ্ঠিত ইণ্টাৰনেশ্বনেল নেচন কাপ প্ৰতিযোগিতাত ভাগ লৈ ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়। ২০১৬ চনত প্ৰথমবাৰলৈ বক্সিঙৰ ছিনিয়ৰ শাখাত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈছিল লাভলিনাই। অৱশ্যে জীৱনৰ প্ৰথম ছিনিয়ৰ শাখাৰ প্ৰতিযোগিতাখনত কোনো পদক লাভ কৰিবলৈ সক্ষম নহ’ল। কিন্তু লাভলিনাৰ প্ৰদৰ্শনত সন্তুষ্ট হৈ নিৰ্বাচকমণ্ডলীয়ে তেওঁক ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেম্পত অংশ ল’বলৈ আমন্ত্ৰণ জনালে। ইয়াতে তাইৰ ওজন শাখাত সকলোকে হৰুৱাই কাজাকিস্তানত অনুষ্ঠিত প্ৰেছিডেণ্ট কাপত অংশ লোৱাৰ বাবে নিৰ্বাচিত হয় আৰু তাত তেওঁ পদক দখল কৰিবলৈ সক্ষম হ য়। ‘এছিয়ান চেম্পিয়শ্বিপ ২০১৭ ভিয়েটনাম’খন আছিল লাভলিনাৰ জীৱনৰ প্ৰথমখন বৃহৎ আৰু মহত্ত্বপূৰ্ণ প্ৰতিযোগিতা য’ত অংশ লৈ লাভলিনাই ব্ৰঞ্জৰ পদক  লাভ কৰে। কিন্তু ভিয়েটনামৰ পৰা আহিয়ে লাভলিনা টাইফয়েড ৰোগত আক্ৰান্ত হয় আৰু কিছুদিন লাভলিনাৰ খেললৈ স্থবিৰতা আহে। অসুখত ভুগি থকা কালছোৱাতেই ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ৰাজ্যিক দলৰ বাছনি হৈছিল আৰু দৃঢ়মনা লাভলিনাক ৰাজ্যিক নিৰ্বাচকমণ্ডলীয়ে নিৰ্বাচিত কৰি পঠিয়াইছিল ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিৰ বাবে আৰু লাভলিনায়ো নিৰ্বাচকমণ্ডলীক নিৰাশ নকৰি সেই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰততে অনুষ্ঠিত হোৱা ইণ্ডিয়ান অ’পেন ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰি ২০১৮ বৰ্ষৰ কমনৱেল্‌থ গেমছত খেলাৰ যোগ্যতা অৰ্জন কৰে। উল্লেখ্য যে কমনৱেল্‌থ গেমছত ভাগ লোৱা অসমৰ প্ৰথম মহিলা বক্সাৰ হিচাপে পৰিগণিত হয় লাভলিনা বৰগোহাঁই। শেহতীয়াকৈ লাভলিনাই নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰি পুনৰবাৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

অংকুশিতা বড়ো ঃ

২০১৭ৰ ২৬ নৱেম্বৰত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়াম বিশ্ব যুৱ মহিলা বক্সাঙৰ ৬৪ কেজি শাখাত স্বৰ্ণ জয় কৰি অংকুশিতা বড়োৱে ইতিহাস ৰচিবলৈ সক্ষম হৈছিল। বিশ্ব বক্সিঙত স্বৰ্ণপদক জয় কৰাৰ পূৰ্বে অংকুশিতাই বালকান য়ুথ ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপ আৰু ৩১সংখ্যক ইণ্টাৰনেচনেল আহমেট কৰ্নেট বক্সিং টুৰ্নামেণ্টত ৰূপৰ পদক জয় কৰিছিল। অংকুশিতাৰ পূৰ্বে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসমৰ মিনু বসুমতাৰী, ফাইলাও বড়ো আৰু যমুনা বড়োৱে পদক জয় কৰিছিল। বিগত বৰ্ষৰ ২৬ নৱেম্বৰত এই তালিকাখনত সংযোজন ঘটিছিল অংকুশিতাৰ নাম। তদুপৰি প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ বক্সাৰৰ খিতাপো অৰ্জন কৰিছিল অংকুশিতাই। ২০১১-১২ চনত মিনু বসুমতাৰীয়ে বিশ্ব কেডেট বক্সিঙত লাভ কৰা স্বৰ্ণপদকৰ অভিলেখ স্পৰ্শ কৰাৰ দিনাই অংকুশিতাই বিশ্ব বক্সিঙৰ আগন্তুক সম্ৰাজ্ঞী বুলি ইংগিত দিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা, এই সাফল্যৰ ধাৰা অব্যাহত ৰখাত ব্যৰ্থ হ’ল অংকুশিতা। ইয়াৰ পিছত অৱশ্যে বক্সিং ৰিঙত সৱল প্ৰত্যাৱৰ্তনৰ বাবে কঠোৰ শ্ৰম কৰা অংকুশিতাই মণিপুৰত সদ্যসমাপ্ত প্ৰথম উত্তৰ-পূব অলিম্পিক গেমছত স্বৰ্ণ জয় কৰি পুনঃউত্থানৰ লগতে ক্ৰীড়া অনুৰাগীক উৎসাহিত কৰি তুলিছে।

ভাগ্যৱতী কছাৰী ঃ

শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা চেম্পিয়নশ্বিপত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত  উন্নীত হয় অসমৰ প্ৰতিভাৱান বক্সাৰ ভাগ্যৱতী কছাৰী। মেগনিফিচেণ্ট মেৰি ক’মৰ দ্বাৰা অনুপ্ৰণিত ভাগ্যৱতীৰ আগন্তুক লক্ষ্য টকিঅ’ অলিম্পিক। শেহতীয়াকৈ বিশ্ব দৰবাৰত নিজৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা অসমৰ খেলুৱৈসকলৰ ভিতৰত অন্যতম এগৰাকী ভাগ্যৱতী কছাৰী।

ভাগ্যৱতীৰ ঘৰ ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰী নামৰ ঠাইত। তেওঁৰ পিতৃ-মাতৃ ক্ৰমে— দেৱেন কছাৰী আৰু ছাইত্ৰা কছাৰী। বক্সিং নহয় সৰুতে ফুটবল, ভলীবল আদিহে খেলিছিল ভাগ্যৱতীয়ে। কাবাডীত প্ৰতিনিধিত্ব কৰিছিল জিলা দলক। অংশ লৈছিল ফুটবলৰ বিভিন্ন প্ৰশিক্ষণতো। তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ এজন শিক্ষকৰ অনুপ্ৰেৰণাত এদিন বক্সিং ৰিঙত ভৰি দিছিলহি ভাগ্যৱতীয়ে। লাহে লাহে আৰম্ভ কৰিছিল বক্সিঙৰ অনুশীলন। ইয়াৰ পিছত কেবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খিতাপ দখল কৰাৰ পাছত ২০১১ চনত ছিনিয়ৰ ৱ’মেন বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰে তেওঁ। সেই বছৰেই তেওঁৰ প্ৰথম অভিষেক ঘটে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। শ্ৰীলংকাৰ পাল্লেকেলেত অনুষ্ঠিত প্ৰথম য়ুথ-ৱ’মেন বক্সিং Îট্ৰইনিং কাম কম্পিটিচনত ভাগ্যৱতীয়ে জয় কৰে স্বৰ্ণপদক। ইয়াৰ পিছৰ বছৰত মংগোলীয়াত অনুষ্ঠিত ষষ্ঠ এছিয়ান ৱ’মেন বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰিছিল খেলুৱৈগৰাকীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সাফল্যই তেওঁক অধিক আগুৱাই যাবলৈ উৎসাহিত কৰিছিল।

২০১২ চনৰ পিছত ২০১৭ চনত তেওঁ প্ৰথমবাৰৰ বাবে স্থান পালে ভাৰতীয় দলত। আয়াৰলেণ্ডত অনুষ্ঠিত ছিনিয়ৰ ৱ’মেন বক্সিং Îট্ৰইনিং কাম কম্পিটিচনত অংশ লৈ তেওঁ লাভ কৰে স্বৰ্ণপদক। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত বুলগেৰিয়াৰ শ্বফিয়াত অনুষ্ঠিত ৬৯সংখ্যক ইণ্টাৰনেচনেল বক্সিং টুৰ্নামেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা ভাগ্যৱতীয়ে ইংলেণ্ডৰ মানচেষ্টাৰত অংশ লয় ইণ্টাৰনেচনেল বক্সিং স্পাইৰিং কেম্পত। শেহতীয়াকৈ তুৰস্কৰ ইস্তানবুলত ইণ্টাৰনেচনেল আহমেট কৰ্মাট টুৰ্নামেণ্টৰ স্বৰ্ণপদক জয়েৰে ঈৰ্ষণীয় সাফল্য লাভ কৰে বক্সাৰগৰাকীয়ে। এই প্ৰতিযোগিতাত তেওঁলৈ আগবঢ়োৱা হয় ‘বেষ্ট টেকনিকেল বক্সাৰ এৱাৰ্ড’ এনে সফলতাৰ পিছত স্বাভাৱিকতে ভাগ্যৱতীৰ পৰা অনাগত দিনত অধিক আশা কৰিছে অসমৰ ক্ৰীড়া অনুৰাগীয়ে। হিমা, হৃদয়ৰ দৰে ভাগ্যৱতীয়েও এদিন বিশ্ব জয় কৰক সেয়াই আশা ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ।

অস্মিতা চলিহা ঃ

মুম্বাইত সদ্যসমাপ্ত টাটা অ’পেন আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত খিতাপ জয় কৰাৰ লগতে ডুবাই আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ বেডমিণ্টন প্ৰতিযোগিতাত খিতাপ দখল কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰি তোলা শ্বাটলাৰগৰাকী হৈছে অস্মিতা চলিহা। যোৱা আগষ্ট মাহত অনুষ্ঠিত হোৱা জাকাৰ্টা এছিয়ান গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পোৱা অস্মিতা ভাৰতীয় বেডমিণ্টন ক্ষেত্ৰখনৰ এক সম্ভাৱনাৰ নাম। ১৯ বছৰীয়া অস্মিতা ২০১৭ চনত অনুষ্ঠিত হোৱা এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপতো ভাৰতীয় দলৰ হৈ অংশ লৈছিল। এডউইন ইৰেৱান আৰু সুৰঞ্জন ভোৱোৰাৰ পৰা বেডমিণ্টনৰ শিক্ষা লোৱা অস্মিতাই পুলেলা গোপীচান্দৰ ওচৰতো বেডমিণ্টনৰ প্ৰশিক্ষণ লৈ আহিছে। জুনিয়ৰ পৰ্যায়ত ৪২সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অস্মিতাই মিক্সড্‌ শাখাত ৰূপৰ পদক লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতা (উত্তৰ-পূব ক্ষেত্ৰ), সদৌ ভাৰত ৰেংকিং বেডমিণ্টনত স্বৰ্ণ জিকিবলৈ সক্ষম হৈছিল অস্মিতাই। ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধু আৰু ছাইনা নেহৱালৰ সৈতে ভৱিষ্যতে খেলাৰ আশা পুহি ৰখা অস্মিতাৰ আদৰ্শ খেলুৱৈগৰাকী হৈছে লি ছংগ।

মল্লিকা বৰুৱাৰ পাছত অসমে বহু বছৰৰ ব্যৱধানত অস্মিতাৰ ৰূপত এগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ লাভ কৰিবলৈ সক্ষম হৈছে। সঠিক সুযোগ-সুবিধাই অস্মিতাক নিশ্চয় এক উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ যাব। সেয়াই সকলোৰে আশা।

নয়নমণি শইকীয়া ঃ

ভাৰতীয় দলত চিনাকি নাম হৈ পৰা নয়নমণি শইকীয়া এগৰাকী লন বল খেলুৱৈ। তৃতীয়বাৰৰ বাবে কমনৱেল্‌থ গেমছত দেশক প্ৰতিনিধিত্ব কৰে নয়নমণিয়ে। ২০১০ দিল্লী কমনৱেল্‌থ গেমছ আৰু ২০১৪ গ্লাছগো কমনৱেল্‌থ গেমছতো তেওঁ আছিল ভাৰতীয় দলৰ সদস্য। সৰুপথাৰৰ টেঙা হোলা গাঁৱৰ ভাস্কৰজ্যোতি শইকীয়াৰ পত্নী নয়নমণি দ্বিতীয় অসম বন সুৰক্ষা কৰ্মীৰূপে কৰ্মৰত। নয়নমণিয়ে কাছমাৰী গাঁৱৰ পৰা টেঙাহোলা গাঁৱলৈ বিবাহ সূত্ৰে অহাৰ পিছতো খেলাৰ পৃথিৱীত যতি পৰিবলৈ দিয়া নাছিল। তেওঁ এক দুবছৰীয়া কন্যা সন্তানৰ মাতৃ। সন্তানৰ মাতৃ হোৱাৰ পিছতো কমনৱেল্‌থ গেমছৰ দৰে প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিবলৈ নিজকে যোগ্য কৰি ৰখা নয়নমণি নিশ্চিতভাৱে আমাৰ নাৰী সমাজৰ বাবে অনুকৰণীয় ব্যক্তিত্ব। নয়নমণিৰ শাহুৱেক জাহ্নৱী গোহাঁয়ে ১৯৭৯ চনতে এথলেটিক্‌ছত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে। কিন্তু বিভিন্ন প্ৰতিবন্ধকতাৰ বাবে তেওঁ থমকি ৰ’ব লগা হয় খেলৰ পৃথিৱীত। সেয়েহে বোৱাৰীয়েকক সফলতাৰ শিখৰ চোৱাৰ বাবে সদায়ে উৎসাহিত কৰি আহিছে জাহ্নৱী গোহাঁয়ে। উল্লেখ্য যে নয়নমণি প্ৰথমে ভাৰোত্তোলন খেলুৱৈহে আছিল। ২০১০ চনৰ এছিয়ান চেম্পিয়নশ্বিপতো দেশক প্ৰতিনিধিত্ব কৰা খেলুৱৈগৰাকীয়ে বিগত বৰ্ষত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান লন বল প্ৰতিযোগিতাত স্বৰ্ণপদক জয় কৰিছিল। ইয়াৰ উপৰি ২০১১ ঝাৰখণ্ড আৰু ২০১৫ কেৰালা ৰাষ্ট্ৰীয় ক্ৰীড়াতো তেওঁ স্বৰ্ণপদক জয় কৰিছিল। এনেদৰেই এক সেন্দূৰীয়া যাত্ৰাৰে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক অধিক সমৃদ্ধ কৰাৰ দিশত ধাৱমান নয়নমণি।

পখিলা ইংতিপী ঃ

মালায়েছিয়াৰ পেনাং চহৰত ৭ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত এছিয়া পেচিফিক মাষ্টাৰ্ছ গেমছত ভাৰতৰ হৈ এটা স্বৰ্ণপদক আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে ৰাজ্যখনলৈ বিৰল গৌৰৱ কঢ়িয়াই অনে দুৰন্ত এথলিট পখিলা ইংতিপীয়ে। প্ৰতিযোগিতাখনত পখিলা ইংতিপীয়ে ৫,০০০ মিটাৰ খোজকঢ়া প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰাৰ লগতে ৫,০০০ মিটাৰ দৌৰ আৰু ১,৫০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰে। চিকাৰী ইংহিয়ে ১,৫০০ মিটাৰ দৌৰত আৰু ৰাজেন ৰংপিয়ে জেভলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

ৰুণজুন পেগু ঃ

পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে কাবাডী খেলিবলৈ যোৰহাট পাইছিলগৈ, ইয়াৰ পিছত ছোৱালীজনীয়ে শ্বটপুট আৰু ডিছকাছ খেলিবলৈ আৰম্ভ কৰে। এনেদৰেই তাইৰ খেলৰ যাত্ৰা আৰম্ভ কৰে। প্ৰথমে জিলা পৰ্যায়ত, তাৰ পিছত ৰাজ্যিক পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক বুটলিবলৈ সক্ষম হোৱা ছোৱালীজনীৰ নাম ৰুণজুন পেগু। সদ্যসমাপ্ত প্ৰথম ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ অ’পেন চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰিবলৈ সক্ষম হোৱা ৰুণজুন পেগুৱে ছাই গুৱাহাটীৰ অধীনত জেভলিনৰ অনুশীলন চলাই আছিল। উত্তৰ প্ৰদেশৰ লক্ষ্নৌত যোৱা ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতা-খনত এই কৃতিত্ব অৰ্জন কৰা ৰুণজুনে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত জুনিয়ৰ শাখাত বহুকেইটা পদক দখল কৰিছিল। মাজুলীৰ জেংৰাইমুখৰ প্ৰয়াত লক্ষ্যনাথ পেগু আৰু সোণামতী পেগুৰ কন্যা ৰুণজুন পেগু।

উল্লেখযোগ্য যে জেভলিন থ্ৰ’ত ইয়াৰ পূৰ্বে অসমৰ হৈ কুশল লাহনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক জিকিবলৈ সক্ষম হৈছিল। তেওঁ ১৯৯০-৯১ চনত শ্ৰীলংকাত অনুষ্ঠিত গেমছত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জনেৰে বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কুশল লাহনৰ পিছৰ পৰা বিগত সময়ছোৱাত জেভলিন থ্ৰ’ৰ দৰে খেলত অসমে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা নাছিল। কিন্তু ৰুণজুন পেগুৰ ৰূপত অসমে পুনৰ এক আশাৰ কিৰণ দেখিবলৈ পাইছে। অনাগত সময়ত সঠিক প্ৰশিক্ষণ আৰু উন্নতমানৰ সুযোগ-সুবিধা পালে বিশ্ব এথলেটিক্‌ছত ৰুণজুনে নিশ্চয়কৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হ’ব।

ৰ’দালি বৰুৱা ঃ

২০১৮ বৰ্ষৰ জাকাৰ্টা এছিয়ান গেমছত ভাগ লোৱা ছগৰাকীকৈ অসম সন্তানৰ ভিতৰত ৰ’দালি বৰুৱা অন্যতম। ভাৰতৰে এগৰাকী আগশাৰীৰ টাইকোৱান্‌ডো খেলুৱৈ ৰ’দালিয়ে ইতিপূৰ্বে ৰাষ্ট্ৰীয় খেলতো ব্ৰঞ্জৰ পদক দখল কৰি সুনাম অৰ্জন কৰে। তেওঁ ২০১৭ চনত কোৰিয়াত অনুষ্ঠিত বিশ্ব টাইকোৱান্‌ডো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ কিয়’ৰগী

আৰু অষ্টম ৰাষ্ট্ৰীয় ছিনিয়ৰ পাম্‌ছে টাইকোৱান্‌ডো চেম্পিয়নশ্বিপত ৰ’দালিয়ে সোণৰ পদক দখল কৰি ইতিমধ্যেই নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

প্ৰমীলা দৈমাৰী ঃ

তেনেই এক দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ এছিয়ান গেমছৰ দৰে মেগা ইভেণ্ট এটাত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা আন এগৰাকী মহিলা খেলুৱৈ হ’ল প্ৰমীলা দৈমাৰী। ২০১৮ চনৰ মাৰ্চত বেংককত অনুষ্ঠিত এছিয়া কাপ বিশ্ব ৰেংকিং আৰ্চাৰী টুৰ্নামেণ্টৰ ৰিকাৰ্ভ শাখাত সোণৰ পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰমীলাই নিজৰ আৰ্থিক দুৰৱস্থাক সফলতাৰ বাটত বাধাৰ প্ৰচীৰ হিচাপে থিয় হ’বলৈ দিয়া নাই।

কবিতা দেৱী ঃ অসমৰ শিলচৰৰ কবিতা দেৱী এগৰাকী উদীয়মান ফেন্সাৰ। ২০১৭ চনত ছত্তিশগঢ়ত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেন্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হয় কবিতা। অসমৰ ছজনীয়া এছিয়ান গেমছৰ দলটোৰ এক অন্যতম সদস্য আছিল তেওঁ। কবিতাৰ নামত অসমে আন এগৰাকী উদীয়মান এথলিট লাভ কৰিলে, যি ফেন্সিঙৰ ক্ষেত্ৰখনত এক উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments