Monday, October 3, 2022
HomeNewsচতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত তিনিচুকীয়া, চিটি ক্লাবৰ জয়লাভ

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত তিনিচুকীয়া, চিটি ক্লাবৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

আমিনগাঁও ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ বুধবাৰৰ প্ৰথম মেচত তিনচুকীয়া টাউন ক্লাবে ৮৭ ৰাণত পৰাস্ত কৰে টেঙাপাৰা ক্ৰিকেট ক্লাবক । তিনিচুকীয়াই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত সংগ্ৰহ কৰে ১৬২ ৰাণ । দলৰ শিৱম মিট্ৰালে ৫৪ আৰু আকাশ চেত্ৰীয়ে অপৰাজিত ৩৩ ৰাণ কৰে । প্ৰত্যুত্তৰত টেঙাপাৰাই ১৪.২ অভাৰত ৭৫ ৰাণতে ইনিংছ সামৰে । দলৰ মনছুৰ আলীয়ে কৰে ২৮ ৰাণ । বলিঙত তিনিচুকীয়াৰ অমিত সিনহা আৰু অমল চেত্ৰী উভয়ে ৩ টাকৈ উইকেট দখল কৰে । মেন অফ দ্য মেচ হয় শিৱম মিট্ৰাল । ইফালে দ্বিতীয় মেচত চিটি ক্ৰিকেট ক্লাবে ৬ উইকেটত পৰাস্ত কৰে তিতাবৰ কোচিং চেণ্টাৰক । তিতাবৰে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটত সংগ্ৰহ কৰে১১২ ৰাণ । দলৰ অনন্ত বৰুৱাই ৩২ ৰাণৰ বৰঙণি যোগায় । প্ৰত্যুত্তৰত চিটি ক্ৰিকেট ক্লাবে হৃষিকেশ তামুলীৰ অপৰাজিত ৩২, ৰোহন হাজৰিকাৰ ১৯, তাৰজিন্দাৰ সিঙৰ অপৰাজিত ১৪ আৰু শিৱশঙ্কৰ ৰয়ৰ ১৪ ৰাণৰ সহায়ত ১৫.১ অভাৰত ৪ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । বলিঙতো ২ টা উইকেট লাভ কৰা শিৱশংকৰ ৰয়ক মেন অৱ দ্য মেচ ট্ৰফী দিয়া হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments