Tuesday, October 4, 2022
HomeNewsচতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত চিটি ক্ৰিকেট, ইণ্ডিয়া ক্লাবৰ জয়লাভ

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত চিটি ক্ৰিকেট, ইণ্ডিয়া ক্লাবৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

আমিনগাঁও ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ শুকুৰবাৰৰ প্ৰথম মেচত চিটি ক্ৰিকেট ক্লাবে তিনিচুকীয়া টাউন ক্লাবক ২৮ ৰাণত পৰাস্ত কৰে । চিটি ক্ৰিকেট দলে ৰাহুল হাজৰিকাৰ অপৰাজিত ১০৭, শিৱশংকৰ ৰয়ৰ ৩৯ আৰু অংশুমান কাটনীৰ ২৯ ৰাণৰ সহায়ত ৪ উইকেটত কৰে ১৮২ ৰাণ‌ । প্ৰত্যুত্তৰৰত তিনিচুকীয়া টাউন ক্লাবে ১৯ অভাৰত ১৫৪ ৰাণতে ইনিংছ সামৰে । দলৰ অমিত সিনহাই ৫০ ৰাণৰ অৱদান আগবঢ়ায় । বলিঙত চিটিৰ হৈ অভিজ্যোৎ সিং সিদ্ধুয়ে ৪ টা আৰু ওম প্ৰকাশ মহন্তই ৩ টা উইকেট দখল কৰে । শতৰাণ কৰা ৰাহুল হাজৰিকাই লাভ কৰে মেন অৱ দ্য মেচৰ ট্ৰফী ।
দ্বিতীয় মেচত শিলচৰৰ ইণ্ডিয়া ক্লাবে তিতাবৰ ক’চিং চেণ্টাৰৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰে । তিতাবৰে ছানি পৰাশৰৰ অপৰাজিত ৩১ ৰাণৰ সহায়ত ৫ উইকেটত কৰে ১৩০ ৰাণ । প্ৰত্যুত্তৰত ইণ্ডিয়া ক্লাবে সঞ্জাউ ব্ৰহ্মৰ অপৰাজিত ৫০ ৰাণৰ সহায়ত ১৮.৪ অভাৰত ৫ উইকেটত বিজয় সাব্যস্ত কৰে । সঞ্জাউ মেন অৱ দ্য মেচেৰে সন্মানিত হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments