নেচনেল একোৱাটিক চেম্পিয়নশ্বিপ; ৰাষ্ট্ৰীয় অভিলেখেৰে স্বৰ্ণ জয় অসমৰ আস্থা চৌধুৰীৰ

অলিম্পিয়া প্রতিবেদন

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমৰ খেলুৱৈ। এইবাৰ ৰাষ্ট্ৰীয় অভিলেখেৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে অসমৰ সন্তৰণবিদ আস্থা চৌধুৰীয়ে। বেংগালুৰুত চলি থকা ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত এই অভিলেখ গঢ়ে অসমৰ খেলুৱৈগৰাকীয়ে।

সম্প্ৰতি বেংগালুৰুৰ নেটাকাল্লাপা একোৱাটিক চেণ্টাৰত অনুষ্ঠিত হৈ আছে নেচনেল একোৱাটিক চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত অসমৰ ৬১ গৰাকী প্ৰতিযোগীয়ে সাঁতোৰত অংশ লোৱাৰ বিপৰীতে ৱাটাৰ প’ল’ত ৩৭ গৰাকী আৰু ডাইভিঙত ৫ গৰাকী খেলুৱৈয়ে অংশ লৈছে। প্ৰতিযোগিতাৰ প্ৰথমটো দিনতে উজলি উঠে অসমৰ খেলুৱৈসকল।

প্ৰথমটো দিনত সাঁতোৰত ৭ টাকৈ পদক লাভ কৰে অসমে। অসমৰ আড্ৰিজাৰাণী চেতিয়াই ২ টা স্বৰ্ণ আৰু ১ টা ৰূপসহ মুঠ ৩ টা পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে প্ৰতিযোগিতাৰ বিভিন্ন শাখাত আন আন পদকসমূহ লাভ কৰে ক্ৰমে আস্থা চৌধুৰী, অনাশা শৰ্মা, আয়ুস বৰা আৰু ভূমিকা কাশ্যপে।

প্ৰতিযোগিতাৰ দ্বিতীয় দিনটোত অসমৰ আস্থা চৌধুৰীয়ে ৰাষ্ট্ৰীয় অভিলেখেৰে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। আস্থাই ছোৱালীৰ ১০০ মিটাৰ বাটাৰফ্লাইত এই অভিলেখ গঢ়ে। অসমৰ সাঁতোৰবিদসকলৰ এই সাফল্যত এতিয়া আনন্দ প্ৰকাশ কৰিছে অসম দলটোৰ প্ৰশিক্ষক বাবুল গুৰুঙে। ইপিনে পদকবিজয়ী সাঁতোৰবিদসকলক অভিনন্দন জনাইছে
অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *