Wednesday, August 10, 2022
HomeNewsএসময়ৰ ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ স্বাক্ষৰ সৌৰভে অধ্যাপনাৰ সমান্তৰালকৈ গুৰি ধৰিছে অসমত ভলীবল...

এসময়ৰ ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ স্বাক্ষৰ সৌৰভে অধ্যাপনাৰ সমান্তৰালকৈ গুৰি ধৰিছে অসমত ভলীবল বিপ্লৱৰ

✍️ দীপক কুমাৰ দাস

অসমৰ ভলীবল জগতত স্বাক্ষৰ সৌৰভ তালুকদাৰৰ নাম সৰ্বজনবিদিত। যি সকল প্ৰতিভাৱান খেলুৱৈয়ে ৰাজ্যৰ ভলীবলৰ ভড়াল চহকী কৰি থৈ গৈছে বা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে সেই সকলৰ ভিতৰত স্বাক্ষৰ সৌৰভ তালুকদাৰো এজন অন্যতম ভলীবল খেলুৱৈ। ০১-০৩-১৯৮৮ চনত সৰভোগত জন্ম তেওঁৰ। দেউতাক সৰভোগ সমষ্টিৰ বিধায়ক, অসম ভলীবল সন্থাৰ জ্যেষ্ঠ উপ সভাপতি, ক্ৰীড়া সংগঠক মনোৰঞ্জন তালুকদাৰ আৰু মাক ডা° স্বৰ্ণলতা তালুকদাৰৰ ল’ৰা স্বাক্ষৰ সৌৰভ তালুকদাৰ। নম্ৰ, ভদ্ৰ আৰু শান্ত হিচাপে পৰিচিত স্বাক্ষৰক অসমৰ ভলীবলত নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। কিন্তু এজন দক্ষ খেলুৱৈ হৈ পঢ়া-শুনাতো সূখ্যাতি অৰ্জনেৰে ডক্ট্ৰৰেট ডিগ্ৰী লাভ কৰি মাধৱদেৱ মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত স্বাক্ষৰৰ বিষয়ে পঢ়ি যাতে আন দহজন খেলুৱৈ প্ৰেৰণা পাব পাৰে, সাহস পাব পাৰে বা অভিভাৱক সকলে স্বাক্ষৰৰ কথা পঢ়িয়েই যাতে নিজৰ ল’ৰা-ছোৱালীক খেলিবলৈ উৎসাহিত কৰিব পাৰে সেই কাৰণেই আজিৰ এই প্ৰতিবেদন।

সমাজত এটা ভুল ধাৰণা আছে যে, খেলা-ধুলা কৰিলে পঢ়া-শুনাত ছাত্ৰ-ছাত্ৰীৰ বহুত ক্ষতি হয়। কিন্তু আমি এনে কিছুমান মেধাৱী ছাত্ৰ-ছাত্ৰীক লগ পাইছো যি সকলে খেলা-ধুলাত সুখ্যাতি অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্বলি উঠাৰ উপৰিও পঢ়াও সমান্তৰাল ভাৱে আগবঢ়াই লৈ গৈছে। যিসকলে নেখেলিলে পঢ়াত মন নবহে। “স্বাস্থ্যই পৰম ধন” বুলি এষাৰ কথা আছে। সুস্থ শৰীৰেহে সুস্থ মন গঢ়িব পাৰে আৰু সুস্থ মন গঢ়িব পাৰিলেহে সকলো দিশতে উন্নতি সম্ভৱ হ’ব পাৰে। গতিকে সুস্থ মন গঢ়াৰ বাবে খেলা-ধুলাই হৈছে উৎকৃষ্ট মাধ্যম। সেয়েহে ল’ৰা-ছোৱালীক অভিভাৱকসকলে খেলা-ধুলা কৰিবলৈ উৎসাহিত কৰিব লাগে। বিশিষ্ট খেলুৱৈ হ’ব নোৱাৰিলেও সুস্থ সবল সমাজ গঢ়াত খেলুৱৈসকলে নিশ্চিতভাৱে সহায় কৰিব পাৰিব।

স্বাক্ষৰ সৌৰভ তালুকদাৰে ২০০৩ চনত জুনিয়ৰ নেচনেল খেলি পিছলৈ উভতি চাবলগীয়া হোৱা নাই। একেৰাহে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল প্ৰতিযোগিতাত ২২ বাৰ অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছে তেওঁ। ইয়াৰ ভিতৰত ২০০৫ চনত জুনিয়ৰ নেচনেল, ২০০৫ আৰু ২০০৬ চনত ইউথ নেচনেল, ২০০৪ চনৰ পৰা ২০০১৪ চনলৈ চিনিয়ৰ নেচনেল, ২০০৭ চনৰ পৰা ২০১৪ চনলৈ তেওঁ চিনিয়ৰ নেচনেলত অংশগ্ৰহণ কৰা অসম দলৰ অধিনায়ক আছিল। ২০০৪ চনত বেঙ্গলত, ২০০৫ চনত, ২০০৬ চনত আৰু ২০০৭ চনত উত্তৰপ্ৰদেশত অনুষ্ঠিত হোৱা ইষ্ট জ’ন ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ২০১০ চনত ছিনিয়ৰ নৰ্থইষ্ট ভলীবল প্ৰতিযোগিতাত মনিপুৰক হৰুৱাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ ২০১৬ আৰু ২০১৭ চনতো ছিনিয়ৰ নেচনেলত অসম দলক প্ৰতিনিধিত্ব কৰে।

ৰাষ্ট্ৰীয় পৰ্য্যায়ত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিতে তেওঁ কেইবাবাৰো ভাৰতীয় ভলীবল দলৰ অনুশীলন শিবিৰলৈ আমন্ত্ৰিত হৈছিল। ইয়াৰে ভিতৰত ২০০৫ চনত এছিয়ান গেমছৰ বাবে ভাৰতীয় কেম্পলৈ নিৰ্বাচিত হয়। ২০০৬ চনত বিশ্ব চেম্পিয়নশ্বিপৰ বাবে, ২০০৭ চনত জুনিয়ৰ ভাৰতীয় দলৰ বাবে তেওঁ অনুশীলন শিবিৰলৈ যোগ্যতা অৰ্জন কৰিছিল। ২০০৮ চনত প্ৰভিচনেল ভাৰতীয় দলত স্থান লাভ কৰে। ২০০৮ চনত ইজিপ্তৰ লগত অনুশীলন ছিৰিজত ভাৰতীয় দলত খেলাৰ সুবিধা লাভ কৰে। ২০০৯ চনত জুনিয়ৰ ভাৰতীয় দলত স্থান লাভ কৰিও দুৰ্ভাগ্যবশত তেওঁ জন্দিছ বেমাৰৰ বাবে খেলিব নোৱাৰিলে। এজন প্ৰতিভাৱান দক্ষ খেলুৱৈ হিচাপে তেও ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাসমূহত অসমৰ নাম উজ্বলাই তুলিব পাৰিছিল। ভাৰতীয় ভলীবল দলত খেলিবলৈ স্থান পোৱা কথাটো বহুত ডাঙৰ কথা। তেওঁ স্থান নাপালেও তেওঁৰ প্ৰতিভাক ভাৰতীয় ভলীবলে অস্বীকাৰ কৰিব পৰা নাছিল যাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় দলৰ শিবিৰলৈ বাৰে বাৰে নিমন্ত্ৰণ কৰিবলৈ বাধ্য হৈছিল। ভাৰতীয় ভলীবল দলত স্থান পাবৰ বাবে অনুশীলনৰ যিখিনি সা-সুবিধা লাগে সেই খিনিৰ পৰা তেওঁ বঞ্চিত হোৱা যেন আমাৰ অনুভৱ হয়। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল ফলাফল দাঙি ধৰিবলৈ অইন ৰাজ্য সমূহে মাহ-মাহ ধৰি অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞানসন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যাৱস্থা কৰি আহিছে। কিন্তু অসমৰ খেলুৱৈয়ে এতিয়ালৈ সেই সা-সুবিধা পাবলৈ সক্ষম হোৱা নাই। এইখিনি সুবিধা পালে অসমৰ খেলুৱৈও ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত আশা কৰা ধৰণে ফলাফল লাভ কৰিব পাৰিব বুলি দৃঢ় ভাৱে কব পাৰি।

স্বাক্ষৰ সৌৰভ তালুকদাৰে ২০০৩-০৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কটন কলেজৰ পৰা সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ ২০০৫-০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৮-১০ চনত দিল্লী বিশ্ববিদ্যালয়তে স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহন কৰিছিল যদিও জন্দিচ বেমাৰৰ বাবে পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰিলে। শেষত ২০১১-১৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ২০১৪-২০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত পি এইচ ডি লাভ কৰে। ২০১৬ চনত তেওঁ মাধৱদেৱ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। খেলা-ধুলাই যে পঢ়াত কোনো ধৰণৰ ক্ষতি নকৰে স্বাক্ষৰ সৌৰভ তালুকদাৰ এক উদাহৰণ। নিজৰ ইচ্ছাশক্তিৰ ওপৰত প্ৰৱল বিশ্বাসী হোৱা বাবে তেওঁ নিজৰ জীৱনটো নিজৰ ইচ্ছামতে সাঁজি ল’ব পাৰিছে।

বিভিন্ন ব্যাস্ততাৰ মাজত থাকিও আজিও তেওঁ অসমৰ ভলীবলক আগবঢ়াই নিবলৈ আহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ২০১৯ চনত আৰম্ভ হোৱা অসম ভলীবল মিছন-১০০ ৰ তেওঁ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি আহিছে। নকলেওঁ হ’ব যে বৰ্তমান সময়ত উক্ত অনুষ্ঠানটোৱে অসমত ব্যাপকভাৱে ভলীবলৰ ওঁপৰত কাম কৰি আছে। ভলীবলৰ বহল আৰু সুদৃঢ় ভেটি নিৰ্মান কৰাই মিছন-১০০ ৰ লক্ষ্য। তেওঁ প্ৰথম ভলীবল শিকিছিল অশ্চিনী দাস আৰু ৰিংচান্দ ব্ৰহ্ম নাৰ্জাৰীৰ পৰা। ইয়াৰ পিছত বিনয় মেধি, প্ৰেমধৰ শৰ্মা, গনেশ শৰ্মা, শ্ৰীধৰণ আৰু কুমাৰাৰ পৰা। খেলুৱৈ জীৱনত ল’গ পোৱা এই সকল বৰেণ্য ভলীবল প্ৰশিক্ষকক আজিওঁ তেওঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments