Sunday, October 2, 2022
HomeNewsবিশ্ব বক্সিঙৰ শেহতীয়া ৰেংকিঙত তৃতীয় স্থানত লাভলীনা,পঞ্চমত যমুনা

বিশ্ব বক্সিঙৰ শেহতীয়া ৰেংকিঙত তৃতীয় স্থানত লাভলীনা,পঞ্চমত যমুনা

অলিম্পিয়া বাৰ্তা

বিশ্ব বক্সিং সন্থাই শেহতীয়াকৈ প্ৰকাশ কৰা খেলুৱৈৰ ৰেংকিঙ তালিকাত অসমৰ দুগৰাকীকৈ বক্সাৰে স্থান লাভ কৰিছে। ৬৯ কেজি ওজন শাখাত অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে অসমৰ আন এগৰাকী যুৱ বক্সাৰ যমুনা বড়োই ৫৪ শাখাত লাভ কৰিছে পঞ্চম স্থান। উল্লেখযোগ্য যে লাভলীনাই মুঠ ১১০০ পইণ্টৰে তালিকাৰ তৃতীয় স্থানত আছে। যমুনা বড়োই ৫৪ কেজি বয়স শাখাৰ তালিকাত ৬৫০ পইণ্ট লাভ কৰি পঞ্চম স্থানত থাকিবলৈ সক্ষম হয়।

ইফালে অসমৰ পুৰুষ বক্সাৰ শিৱ থাপাই ৬০ কেজি বয়স শাখাত দখল কৰিবলৈ সক্ষম হৈছে ১৬ তম স্থান। উল্লেখযোগ্য যে এওঁলোকৰ বাহিৰেও ভাৰতৰ ১৫ গৰাকী বক্সাৰে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments