Wednesday, July 6, 2022
HomeNewsঅলিম্পিকলৈ নিৰ্বাচিত হ'ল এবছৰৰ আগতেই, হঠাৎ লাভলীনালৈ শুভেচ্ছাৰ বন্যা

অলিম্পিকলৈ নিৰ্বাচিত হ’ল এবছৰৰ আগতেই, হঠাৎ লাভলীনালৈ শুভেচ্ছাৰ বন্যা

অলিম্পিয়া প্রতিবেদন

যোৱাবছৰৰ মাৰ্চ মাহতেই অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে সুনিশ্চিত কৰিছিল অলিম্পিকত নিজৰ স্থান। এছিয়া এণ্ড উছেনিয়া বক্সিং অলিম্পিক কোৱালফিকেচন টুৰ্ণামেণ্টখন ২০২০ৰ মাৰ্চ মাহত জৰ্ডানত অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাখনত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মাফটুনাখন মেলেইভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগে লগেই গোলাঘাটৰ বাৰমুখীয়াৰ জীয়ৰী লাভলীনাৰ টকিঅ’ যাত্ৰা নিশ্চিত হৈ পৰে। ইয়াৰ জৰিয়তে লাভলীনা হৈ পৰে অসমৰ পৰা অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা খেলুৱৈ। অসমৰ তাৰকা বক্সাৰগৰাকীয়ে অলিম্পিকত স্থান লাভ কৰা আজি এবছৰতকৈ অধিক সময় পাৰ হৈ গ’ল। এই এবছৰ সময়ছোৱাত অলিম্পিকলৈ নিৰ্বাচিত অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাবে লাভলীনাৰ যিমান চর্চা হ’ব লাগিছিল, সিমান চর্চা লাভ কৰা নাছিল ভাৰতৰে শীৰ্ষ বক্সাৰগৰাকীয়ে। বাতৰি কাকতত ডাঙৰ ডাঙৰ হৰফেৰে বাতৰি প্ৰকাশ পোৱা নাছিল, সামাজিক মাধ্যমত ট্রেণ্ডিং হোৱা নাছিল লাভলীনাৰ ফটোসম্বলিত খবৰ। লাভলীনাৰ সাফল্যক লৈ সংবাদ মাধ্যম, সামাজিক মাধ্যম যিমান ব্যস্ত হ’ব লাগিছিল, সিমান ব্যস্ত হৈছিল অসমৰ আন এগৰাকী তাৰকা খেলুৱৈ হিমা দাসৰ অলিম্পিক অনিশ্চয়তাক লৈহে। কিন্তু শেহতীয়াকৈ হঠাৎ পুনৰ চর্চা লাভ কৰিছে লাভলীনাৰ অলিম্পিক যাত্ৰাৰ খবৰে।

যোৱা কেইবাদিনো ধৰি অসমৰ সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত চর্চা লাভ কৰিছে লাভলীনা অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ বাতৰিয়ে। এবছৰৰ এনে আওকণীয়া মনোভাৱৰ পিছত হঠাৎ যেন সাৰ পালে অসমীয়াই। এটা বাহী খবৰে পুনৰ গৰম কৰি তুলিলে অসমৰ সংবাদজগত। অথচ যোৱা বছৰতেই অসমৰ তাৰকা বক্সাৰগৰাকী অলিম্পিকলৈ নিৰ্বাচিত হোৱাৰ সময়তে এনে হৈ ছৈ হোৱা উচিত আছিল। সি যি কি নহওঁক, পলমকৈ হ’লেও একাংশ অসমীয়াই যে সাৰ পালে সেয়াও এক আশাৰ খবৰ।

কিন্তু কি কাৰণত হঠাৎ লাভলীনাৰ অলিম্পিক যাত্ৰাৰ খবৰে সামাজিক মাধ্যম তোলাপাৰ লগাইছে, সেয়াহে এই পৰ্যন্ত বোধগম্য হোৱা নাই। ইতিমধ্যে যোৱা দিন দুটাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ক্রীড়ামন্ত্ৰী বিমল বৰা, কৃষিমন্ত্ৰী অতুল বৰা, আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্য, অসম জাতীয় পৰিষদৰ নেতা লুৰিনজ্যোতি গগৈকে ধৰি বিভিন্নজনে টুইটাৰৰ জৰিয়তে শুভেচ্ছা জনাইছে লাভলীনাক। লাভলীনায়ো ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শুভেচ্ছা জনোৱাসকলক।

এনেদৰেই এতিয়া পুনৰ সামাজিক মাধ্যমত চর্চা লাভ কৰিছে অসমৰ তাৰকা বক্সাৰগৰাকীয়ে। ফেচবুকৰ বিভিন্ন পেজত লাভলীনাৰ ফটো সম্বলিত বাতৰি প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে সৰুতে মুৱাথাই খেলিবলৈ লোৱা লাভলীনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত হাতত তুলিছিল বক্সিং গ্লোভচ। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত এই পৰ্যন্ত দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰা লাভলীনাই এছিয়ান চেম্পিয়নশ্বিপতো দুটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ডুবাইত অন্ত পৰা এছিয়ান বক্সিং চেম্পিয়নশ্বিপতো সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লাভলীনাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments