চেলেঞ্জাৰ ট্ৰফীৰ ভাৰতীয় দলত অসমৰ ৰোহন হাজৰিকা আৰু জিন্তিমণি কলিতা


অলিম্পিয়া প্রতিবেদন

অনুর্ধ ১৯ বৰ্ষ পুৰুষৰ এদিনীয়া চেলেঞ্জাৰ ট্ৰফীত স্থান লাভ কৰিছে অসমৰ ৰোহন হাজৰিকাই। ৰোহনে টিম ‘এ’ত স্থান লাভ কৰিছে। ইপিনে অনুর্ধ ১৯ বৰ্ষৰ মহিলা দলটোত অসমৰ জিন্তিমণি কলিতাই স্থান লাভ কৰি ৰাজ্যৰ ক্ৰিকেটক্ষেত্ৰলৈ সুনাম কঢ়িয়াই আনিছে। জিন্তিমণি কলিতাই স্থান লাভ কৰিছে টিম ‘বি’ত। উল্লেখযোগ্য যে, অনুর্ধ ১৯ পুৰুষৰ এদিনীয়া চেলেঞ্জাৰ ট্ৰফীৰ খেলসমূহ অহা ২৫ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈ আহমেদাবাদত অনুষ্ঠিত হ’ব। আনহাতে, অনুর্ধ -১৯ বৰ্ষৰ মহিলা এদিনীয়া চেলেঞ্জাৰ ট্ৰফীৰ মেচসমূহ অহা ২৫ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈ জয়পুৰত অনুষ্ঠিত হ’ব। ক্ৰিকেটাৰ দুগৰাকীলৈ অসম ক্ৰিকেট সন্থাই শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *