Tuesday, July 5, 2022
HomeNewsঅসমৰ তাৰকা এথলিট অম্লানৰ পৰৱৰ্তী লক্ষ্য কমনৱেলথ আৰু এছিয়ান গেমছ

অসমৰ তাৰকা এথলিট অম্লানৰ পৰৱৰ্তী লক্ষ্য কমনৱেলথ আৰু এছিয়ান গেমছ

অলিম্পিয়া প্রতিবেদন

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিছে এগৰাকী অসমৰ এথলিট। হিমা দাসৰ পথকে যেন অনুকৰণ অসমৰ অম্লান বৰগোহাঁইৰ। অসমৰ এথলেটিকছ ক্ষেত্ৰলৈ প্ৰাণ সঞ্চাৰ কঢ়িয়াই আনিছে যোৰহাটৰ এইগৰাকী উদীয়মান দৌৰবিদে। ৬০ তম ৰাষ্ট্ৰীয় মুকলি এথলেটিকছ চেম্পিয়নশ্বিপত অম্লানে দুটাকৈ পদক লাভ কৰি সম্ভাৱনাৰ স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হৈছে। ২০০ মিটাৰত নিজৰ শ্ৰেষ্ঠ ব্যক্তিগত প্ৰদৰ্শনৰে স্বৰ্ণ জিকি তেওঁ দেখুৱাবলৈ সক্ষম হৈছে ক্রীড়া নিপুনতা।

তেলেংগানাত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাখনত কেৱল ২০০ মিটাৰতে নহয় ১০০ মিটাৰতো অম্লানে কঢ়িয়াই আনিছে ৰূপ। ৰাষ্ট্ৰীয় এথলেটিকছৰ অভূতপূৰ্ব সফলতাৰ পিছত এতিয়া অম্লানৰ লক্ষ্য কমনৱেলথ আৰু এছিয়ান গেমছ। সম্প্রতি ভুৱনেশ্বৰৰ ৰিলায়েন্স ফাউণ্ডেচন এথলেটিকছ হাই পাৰফৰ্মেন্স চেণ্টাৰত ২০২০ৰ এপ্ৰিলৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আছে অম্লানে।

‘ৰেচখনত আধিপত্য দেখুৱাব পাৰিম বুলি মোৰ আগৰে পৰা বিশ্বাস আছিল।’ দৌৰ সমাপ্ত কৰাৰ পিছত আত্মবিশ্বাসী অম্লানৰ কয় এনেদৰে।

“মই মোৰ প্ৰদৰ্শনক লৈ সুখী যদিও মই জানো যে মই কিছু ভুল কৰিছিলো। ভুল অবিহনে মই আৰু অধিক বেগত দৌৰিব পাৰিম”অম্লানে লগতে কয়।

উল্লেখযোগ্য যে অম্লানৰ ঘৰ অসমৰ যোৰহাট জিলাত। সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহী আছিল যদিও অম্লান পিছলৈ এথলেটিকছতহে প্ৰশিক্ষণ গ্ৰহণ কৰে। অম্লানৰ এই প্ৰদৰ্শনক লৈ আশাবাদী অসম এথলেটিকছৰ প্ৰশিক্ষক নিপন দাস। হিমা দাসৰ পিছত অম্লানেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কৰিবলৈ পাৰিব বুলি আশা ব্যক্ত কৰিছে অসমৰ জ্যেষ্ঠ প্ৰশিক্ষকগৰাকীয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments