অলিম্পিয়া প্ৰতিবেদন
দেশত কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে আজিৰে পৰা আৰম্ভ হ’ব গ্লেমাৰসৰ্বস্ব ক্ৰিকেট টুৰ্ণামেণ্ট আই পি এল। যোৱাবছৰ কৰোনাৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে ইউনাইটেড আৰব এমিৰাটছত অনুষ্ঠিত হোৱা আই পি এলৰ এইবাৰ ঘটিছে ঘৰ ৱাপছি। এইবাৰ সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত অনুষ্ঠিত হ’ব চতুৰ্দশ সংখ্যক আই পি এল। পূৰ্বৰ দৰেই দৰ্শকশূণ্য ষ্টেডিয়ামতে অনুষ্ঠিত হ’লেও আই পি এলক লৈ দেশৰ ক্ৰিকেট অনুৰাগীৰ উন্মাদনা আগৰ দৰেই আছে। অসমৰ ৰিয়ান পৰাগক পূৰ্বৰ দৰেই এইবাৰো দেখা যাব ৰাজস্থান ৰয়েলছৰ গুলপীয়া জাৰ্চিত।
উল্লেখযোগ্য যে, যোৱাবছৰ উন্নত প্ৰদৰ্শনৰে ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰা ৰিয়ানৰ ওপৰত এইবাৰো দৃষ্টি নিবদ্ধ থাকিব দেশৰ ক্ৰিকেটপ্ৰেমীৰ।
উল্লেখযোগ্য যে, এই বৰ্ষৰ আই পি এলৰ মিনি নিলামৰ তালিকাত ৰিয়ানৰ বাহিৰেও অসমৰ আন দুগৰাকী ক্ৰিকেটাৰ ক্ৰমে ৰাজাকুদ্দিন আহমেদ আৰু ছাহিল জৈনৰ নামো অন্তৰ্ভুক্ত হৈছিল যদিও মূৰকত দুয়োগৰাকীয়েই আই পি এলৰ কোনো এটা দলতে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অৱশ্যে, এইবাৰ অসমৰ আন দুগৰাকী ক্ৰিকেটাৰে পূৰ্বৰ দৰেই নেট বলাৰ হিচাবে স্থান লাভ কৰিছে ৰাজস্থান ৰয়েলছত।
দলটোত নেট বলাৰ হিচাবে স্থান লাভ কৰা ক্ৰিকেটাৰ দুগৰাকী হৈছে উত্তৰ লক্ষীমপুৰৰ জিতুমণি কলিতা আৰু শিলচৰৰ ৰাহুল সিং। ইয়াৰ পূৰ্বে, আই পি এলৰ ত্রয়োদশ সংস্কৰণতো দুয়োগৰাকী ক্ৰিকেটাৰকে দেখা পোৱা গৈছিল নেট বলাৰ হিচাবে। এইবাৰ পূৰ্বৰ দৰেই এক বিচিত্ৰ অভিজ্ঞতাৰে ৰাজস্থান ৰয়েলছৰ নেট প্ৰেক্টিছত দেখা গৈছে অসমৰ দুয়োগৰাকী ক্ৰিকেটাৰক।
ৰাজস্থান ৰয়েলছৰ দৰে এটা বৃহৎ ফ্ৰেঞ্চাইজিৰ সৈতে জড়িত হৈ কেনে অভিজ্ঞতাৰ সন্মুখীন হৈছে সেই বিষয়ে জানিবলৈ আমি কথা হৈছিলো অসমৰ উডীয়মান স্পীনাৰ জিতুমণি কলিতাৰ সৈতে। তেওঁ অলিম্পিয়াক জনালে জ’ছ বাটলাৰ, বেন ষ্ট’কছৰ দৰে বেটছমেনৰ বিপক্ষে নেটত বল দিয়াৰ বিচিত্ৰ অভিজ্ঞতাৰ কথা।
ৰাজস্থান ৰয়েলছ শিবিৰত থাকি হোৱা অনুভৱৰ বিষয়ে আমি জানিবলৈ বিচৰাত জিতুমণিয়ে ক’লে যে দলটোৰ সকলো সদস্যৰে ব্যৱহাৰ যথেষ্ট বন্ধুত্বমূলক। মেনেজাৰ, প্ৰশিক্ষকৰ পৰা আৰম্ভ কৰি দলটোৰ আন আন চাপোৰ্টছ ষ্টাফৰো ব্যৱহাৰ যথেষ্ট অমায়িক। দলটোৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাৰ উৎসাহজনক মন্তব্যৰ কথাও উল্লেখ কৰি তেওঁ কয় যে প্ৰতি মুহূৰ্ততে নতুন বলাৰসকলক তেওঁ উৎসাহিত কৰে। ” আমাক তেওঁ কয় যে তোমালোকে ইয়াৰ পৰাই সুযোগ ল’ব লাগিব। সেয়ে নেটত ভালকৈ খেলিবা। এয়া তোমালোকৰ বাবে এক সুযোগ। সুযোগৰ সদব্যৱহাৰ কৰা। ”
উল্লেখযোগ্য যে, জিতুমণি কলিতাই অসমৰ হৈ ইতিপূৰ্বে অনুর্ধ ১৬ আৰু অনুর্ধ ১৯ দলৰ হৈ খেলাৰ লগতে এই পৰ্যন্ত তিনিখনকৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট মেচতো ভাগ লৈছে। ইপিনে ৰাজস্থান ৰয়েলছৰ হৈ নেট প্ৰেক্টিছত ভাগ ল’বলৈ সুযোগ লাভ কৰা ৰাহুল সিঙেও অসমৰ হৈ ভাগ লৈছে বহুকেইখন মেচত।