কাৰাবাসৰ সন্মুখীন হ’ব পাৰে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ

অলিম্পিয়া প্রতিবেদন

ভাৰতৰ ক্ৰমবৰ্ধমান কোভিড সংক্ৰমণৰ ফলত এতিয়া বিশ্বৰ প্ৰায়বোৰ দেশেই ভাৰতৰ সৈতে বিমান সেৱা বাতিল কৰিছে। একেই কাৰ্যপন্থা গ্ৰহণ কৰিছে অষ্ট্ৰেলিয়া চৰকাৰেও। এতিয়া ভাৰতৰ পৰা গৈ অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিলেই যিকোনো লোকে জৰিমণাৰ সম্মুখিন হ’ব লাগিব। কেৱল সেয়াই নহয়, এনে লোকসকল জৰিমনাৰো সন্মুখীন হ’বলগীয়া পাৰে।

কৰোণা সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া চৰকাৰখনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। দেশখনে কোভিডৰ এনে সংক্ৰমণৰ সময়ত বাহিৰৰ পৰা নিজ দেশলৈ ঘূৰি যোৱা কাৰ্যক ‘অপৰাধমূলক কাম’ হিচাপে বিবেচিত কৰাৰ কথা ঘোষণা কৰিছে। ফলশ্ৰুতিত আইপিএলত অংশগ্ৰহণ কৰি থকা ক্ৰিকেটাৰসকল তীব্ৰ প্ৰত্যহ্বানৰ মুখামুখি গৈছে।

উল্লেখযোগ্য যে আই পি এলত সম্প্ৰতি অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ, আম্পায়াৰকে ধৰি প্ৰায় ২০ গৰাকীমান ব্যক্তি আছে। তেওঁলোকে মে’ মাহৰ শেষৰফালে আইপিএল শেষ হোৱাৰ লগে লগে দেশলৈ উলটিব লাগিব। তেনে স্থলত এতিয়া কঠোৰ অষ্ট্ৰেলিয়া চৰকাৰৰ এনে সিদ্ধান্তই চিন্তান্বিত কৰি তুলিছে অষ্ট্ৰেলিয়াৰ খেলুৱৈসকল।

অৱশ্যে আইপিএল শেষ হোৱাৰ পাছতে তেওঁলোকক নিৰাপদভাৱে দেশলৈ ঘূৰাই পঠোৱাৰ আশ্বাস প্ৰদান কৰিছে ভাৰতে। তথাপিও অষ্ট্ৰেলিয়াৰ নতুন ক’ভিড বিধি অনুযায়ী, দেশৰ মাটিত ভৰি থলেই তেওঁলোকে কঠিন শাস্তিৰ মুখামুখি হ’ব পাৰে। এই শাস্তিৰ পৰিমাণ হৈছে ৩৭ হাজাৰ পাউণ্ড অথবা ৫ বছৰৰ কাৰাবাস।শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী গ্ৰেগ হাণ্টে এক বিবৃতিযোগে এই কথা জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *