Tuesday, October 4, 2022
HomeNewsএছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী ভাৰতীয় স্প্ৰিন্টাৰৰ ওপৰত চাৰি বছৰৰ নিষেধাজ্ঞা

এছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী ভাৰতীয় স্প্ৰিন্টাৰৰ ওপৰত চাৰি বছৰৰ নিষেধাজ্ঞা

অলিম্পিয়া বাৰ্তা

বিশ্ব এথলেটিকছৰ সৰ্বোচ্চ সংস্থা দ্য এথলিটছ ইনটিগ্ৰিতি ইউনিট চমুকৈ এ আই ইউ (AIU)ই ভাৰতৰ তাৰকা স্প্ৰিণ্টাৰ গোমথি মৰিমুথুৰ ওপৰত চাৰি বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। গোমথিয়ে ২০১৯ চনত ডোহাত অনুষ্ঠিত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৮০০ মিটাৰ ইভেণ্টত স্বৰ্ণ অৰ্জন কৰিছিল। গোমথিয়ে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ২ মিনিট ২.৭০ চেকেণ্ডত ৮০০ মিটাৰৰ ৰেচ সম্পূৰ্ণ কৰিছিল।

উল্লেখযোগ্য যে গোমথিক এথলেটিকছৰ বিশ্ব সংস্থাটোৱে নিৰ্দোষীতাৰ প্ৰমাণ দিবৰ বাবে সুযোগ প্ৰদান কৰিছিল যদিও সেই সুযোগ লোৱাত ব্যৰ্থ হয় ভাৰতীয় স্প্ৰিন্টাৰগৰাকী। ২০১৯ চনৰ ১৭ মে’ৰ পৰা সাময়িকভাৱে তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও এতিয়া সেই নিষেধাজ্ঞা ১৬ মে, ২০২৩ লৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে গোমথিৰ দেহৰ পৰা সংগ্ৰহ কৰা চাৰিটাকৈ নমুনাত এই কথা পোহৰলৈ আহে যে তেওঁ নিষিদ্ধ ষ্টেৰয়ড ১৯ গ্ৰহণ কৰিছিল। চাৰি বছৰৰ নিষেধাজ্ঞাৰ লগতে খেলুৱৈগৰাকীয়ে এ আই ইউক জৰিমনা হিচাবে দিব লাগিব ১০০০ পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্য হিচাবে ১ লাখ টকা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments