Thursday, July 7, 2022
HomeNewsডিব্ৰুগড়ৰ বাণিপুৰত দুদিনীয়া এথলেটিক প্ৰতিযোগিতাৰ সফল সামৰণি

ডিব্ৰুগড়ৰ বাণিপুৰত দুদিনীয়া এথলেটিক প্ৰতিযোগিতাৰ সফল সামৰণি

অলিম্পিয়া প্ৰতিবেদন

ডিব্ৰুগড় স্পৰ্টছ কোচিং এণ্ড হেলথ ফিটনেছ ডেভেলপমেণ্ট চেণ্টাৰে বাণিপুৰ স্পৰ্টছ এণ্ড ফিল্ড ডেভেলপমেণ্ট কমিটিৰ সহযোগত আয়োজন কৰা দুদিনীয়া এথলেটিক মিটৰ সফলভাৱে সমাপ্তি ঘটে। ৭ আৰু ৮ নৱেম্বৰত ৫ বছৰৰ পৰা ১৬ বছৰৰ প্ৰতিযোগীৰ মাজত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে ভাগ লয়।

প্ৰতিযোগিতাখনৰ আয়োজক ৰাতুলমণি মহন্ত,বিজয় ভূঞা, হৰিপ্ৰসাদ দত্ত, ৰমেশ বৰুৱা আৰু গণেশ গগৈয়ে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বাণিপুৰৰ সমূহ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে ইয়াৰ লগতে, উক্ত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ২৬তম ডিব্ৰুগড় মাষ্টাৰ্ছ এথলেটিকছ চিলেক্সন মিটৰো সফল আয়োজন কৰা হয়। জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২০০ গৰাকী মাষ্টাৰ্ছ এথলিটে এথলেটিকছ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাত অসম অলিম্পক সন্থাৰ সহকাৰী সম্পাদক তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়া উপস্থিত থাকে।ইফালে মাষ্টাৰ্ছ এথলিট মিটৰ পতাকা উত্তোলন কৰে মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ সভাপতি মোহন বৰগোঁহাইয়ে আৰু স্মৃতি তৰ্পন কৰে পঞ্চায়ত সভানেত্ৰী দীপামণি দত্তই।

প্ৰতিযোগিতাৰ পৰিচালনাৰ দায়িত্বত আছিল আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অংকিত মহন্ত, বিজয় ভূঞা, গণেশ গগৈ, ৰমেশ বৰুৱা, বিপ্ৰৱ ভূঞা, দিগন্ত নেওগ, শন্তোষ চুতীয়া, আজিজ আলী, জিন্তু দত্ত, দীপজ্যোতি মেচ, তৰালী দত্ত আৰু মৃদু মলয়া গগৈ আদি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments