Tuesday, October 4, 2022
HomeNews৮-১১ মাৰ্চত গুৱাহাটীত আন্তঃজিলা জুনিয়ৰ, ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

৮-১১ মাৰ্চত গুৱাহাটীত আন্তঃজিলা জুনিয়ৰ, ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন

অহা ৮-১১ মাৰ্চত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা । অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ সভাপতিত্বত দেওবাৰে ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাৰ আৰম্ভণিতে অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক
ভৰালীয়ে সভাত অংশগ্ৰহণ কৰা ৩৫ গৰাকী বিষয়-ববীয়াক আদৰণি জনাই মন্তব্য ৰাখে । উক্ত সভাতে সিদ্ধান্ত মৰ্মে আগন্তুক প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলৰ পঞ্জীয়নৰ মাচুল ১০০ টকা নিৰ্ধাৰণ কৰা হয় । অংশগ্ৰহণ কৰিবলগীয়া জিলাসমূহৰ খেলুৱৈসকলৰ প্ৰবেশ পঞ্জীয়ন অনলাইন মাধ্যমেৰে ২২ ফেব্ৰুৱাৰীৰ পুৱা ১২ বজাত আৰম্ভ হৈ ২ মাৰ্চৰ নিশা ১২ বজাত সামৰণি পৰিব । আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইভেন্ট সমূহৰ অৰ্হতাৰ মানদণ্ড ২১ ফেব্ৰুৱাৰীৰ ভিতৰত মুকলি কৰিব অসম এথলেটিকছ সন্থাই । প্ৰতিযোগিতাৰ প্ৰতিটো কাৰ্যসূচীত জিলা ক্ৰীড়া সন্থাসমূহৰ সম্পূৰ্ণ সহযোগিতা কামনাৰ লগতে ২২ ফেব্ৰুৱাৰীত জিলাসমূহলৈ প্ৰতিযোগিতাৰ সম্পূৰ্ণ নিয়মাৱলী প্ৰেৰণ কৰা হ’ব বুলি জনাইছে সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments