Tuesday, October 4, 2022
HomeNewsঅসমৰ প্রতিভাবান এথলীট লিলি ফাংচপীৰ ঈর্ষণীয় উত্থান

অসমৰ প্রতিভাবান এথলীট লিলি ফাংচপীৰ ঈর্ষণীয় উত্থান

✍️ ডিফুৰ পৰা জয়ছিং টকবিৰ প্ৰতিবেদন

সম্প্ৰতি অসমৰ ক্রীড়াক্ষেত্ৰত দপদপাই থকা এগৰাকী দুৰন্ত এথলীট হৈছে লিলি ফাংচপী । কাৰবি আংলঙৰ এখন জকাইচুকীয়া গাঁৱৰ জীয়ৰী এই গৰাকী দুৰন্ত এথলীট লিলি ফাংচপীয়ে এখনৰ পাছত আন এখন ক্রীড়াঙ্গনত ধাৰাবাহিকভাৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । বিগত বৰ্ষত ১৯ ডিচেম্বৰত মালয়বাৰী, ক্ষেত্ৰীত অসম এথলেটিকছ সন্থাৰ দ্বাৰা আয়োজিত ৫৬ সংখ্যক ক্রছ কাউন্ট্রী চেম্পিয়নশ্বিপৰ বাবে অসম দলৰ বাছনি শিবিৰত লিলি ফাংচপীয়ে মহিলাৰ ১০ কি মি দূৰত্বৰ দৌৰত প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু অজ্ঞাত কাৰণত অসম এথলেটিকছ সন্থাই পূর্বে ঘোষণা কৰা সত্বেও প্রথম স্থানপ্ৰাপ্ত লিলি ফাংচপী আৰু আন পাচটা স্থান লাভ কৰা কোনো এজন এথলীটকে কহিমাত অনুষ্ঠিতব্য ৫৬ সংখ্যক ক্রছ কাউন্ট্রী চেম্পিয়নশ্বিপৰ বাবে অসম দলত বাছনি নকৰিলে । অৱশ্যে কৰণা মহামাৰীৰ বাবে সদ্যহতে এই প্রতিযোগিতা স্থগিত ৰখা হৈছে । এগৰাকী সম্ভাৱনাপূৰ্ণ এথলীটৰ স্বাক্ষৰ বহন কৰা লিলি ফাংচপীক অসম এথলেটিকছ সন্থাই এটা সামান্য সুযোগ প্ৰদান কৰি অভিজ্ঞতা আহৰণৰ সুযোগ প্ৰদান কৰিব পাৰিলেহেঁতেন !
অসম এথলেটিকছ সন্থাৰ দ্বাৰা চুড়ান্ত বৈষম্যৰ স্বীকাৰ হোৱাৰ পাছতো সামান্য পৰিমাণে বিচলিত হোৱা নাই প্রতিভাবান এথলীট লিলি । যোৱা ২৬ ডিচেম্বৰত দেশৰ প্রায় ৪ হেজাৰ দৌৰবিদে অংশগ্ৰহণ কৰা নুমলীগড় মুকলি মাৰাথনত ২১ কি মি দৈৰ্ঘৰ মহিলাৰ হাফ মাৰাথনত লিলিয়ে দ্বিতীয় স্থান দখল কৰি পদক আৰু ট্রফীৰ সৈতে ৩৫,০০০ টকাৰ প্রাইজমানি লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পাছত যোৱা ৫ জানুৱাৰীত ডিব্ৰুগড়ৰ জালান আউটড’ৰ খেলপথাৰত অনুষ্ঠিত ডিব্ৰুগড় মুকলি মাৰাথনতো অংশ গ্ৰহণ কৰি লিলি ফাংচপীয়ে মহিলাৰ ২১ কি মি দৈৰ্ঘৰ হাফ মাৰাথনত প্রথম স্থান দখলেৰে ট্রফী আৰু স্মাৰকৰ সৈতে ১০,০০০ টকাৰ আর্থিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
প্রতিভাবান খেলুৱৈ লিলি ফাংচপীয়ে ইয়াৰ আগতেও ২০২০ চনত সৰুসজাইত অনুষ্ঠিত ৪২ সংখ্যক সদৌ অসম আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত ৫ কিমি আৰু ১০ কিমি দৌৰত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিছিল । কিন্তু কৰোণা মহামাৰীৰ বাবে লকডাউন আৰম্ভ হৈ যোৱাত লিলি ফাংচপীয়ে কোনো এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতাতে এতিয়ালৈকে অসম দলৰ হৈ অংশগ্ৰহণৰ সুযোগ লাভ কৰা নাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments