Sunday, July 3, 2022
HomeNews৬ নৱেম্বৰত গুৱাহাটী ক্ৰীড়া সন্থাৰ এথলেটিক্‌ছ মীট

৬ নৱেম্বৰত গুৱাহাটী ক্ৰীড়া সন্থাৰ এথলেটিক্‌ছ মীট

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী ক্ৰীড়া সন্থাৰ কনক চন্দ্ৰ বৰুৱা আৰু দীপ্তি বৰুৱা স্মৃতি আন্তঃক্লাব আৰু শিক্ষানুষ্ঠান এথলেটিক্‌ছ মীট অহা ৬ নৱেম্বৰত সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক্‌ছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ সকলো আগ্ৰহী ক্লাব, বিদ্যালয় আৰু আন শিক্ষানুষ্ঠানক ১ নৱেম্বৰৰ পূৰ্বে বিয়লি ৪ৰপৰা ৭ বজাৰ ভিতৰত সন্থাৰ কোষাধ্যক্ষৰ হাতত প্ৰৱেশ মাচুল জমা দিবলৈ অনুৰোধ জনোৱা হৈছে । সন্থাৰ অন্তৰ্গত ক্লাব-শিক্ষানুষ্ঠানসমূহৰ বাবে প্ৰৱেশ মূল্য ৫০০ টকা আৰু বাহিৰৰ ক্লাব-শিক্ষানুষ্ঠানৰ বাবে প্ৰৱেশ মূল্য ১০০০ টকা ৷ অধিক তথ্যৰ বাবে সন্থাই এথলেটিকছ সম্পাদক ৰাঘৱেন্দ্ৰ মজুমদাৰ (৯৪৩৫৭৩২১২৬) আৰু সহকাৰী এথলেটিকছ সম্পাদক মনজিত হাজৰিকা (৬০০০২৮১৫৫৯) নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে ৷ খেলুৱৈ পঞ্জীয়নৰ অন্তিম তাৰিখ ৩ নৱেম্বৰ ৷ প্ৰতিযোগিতাৰ শাখাসমূহ হ’ল- অনুৰ্ধ ১৪ (ল’ৰা আৰু ছোৱালী), অনুৰ্ধ ১৬ (ল’ৰা আৰু ছোৱালী), অনুৰ্ধ ১৮ (ল’ৰা আৰু ছোৱালী), অনুৰ্ধ ২০ (ল’ৰা আৰু ছোৱালী) আৰু পুৰুষ-মহিলা ৷ সকলো প্ৰতিযোগীয়ে জন্মৰ প্ৰমাণপত্ৰ আৰু আধাৰ কাৰ্ড দাখিল কৰিব লাগিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments