Tuesday, October 4, 2022
HomeNewsৰচী টনা খেলত অংশ লৈ মন্ত্রী অতুল বৰা ঘূৰি গ'ল অতীতলৈ!

ৰচী টনা খেলত অংশ লৈ মন্ত্রী অতুল বৰা ঘূৰি গ’ল অতীতলৈ!

অলিম্পিয়া প্ৰতিবেদন

খেল খেলাত ব্যস্ত কৃষি মন্ত্রী অতুল বৰা । এবাৰ যদি কৃষি মন্ত্রীৰ দলটোৱে টানিছে ৰছীডাল, এবাৰ টানিছে বিপক্ষই। পৰম্পৰাগত খেলত অংশ ললে অতুল বৰাই ।
ঘূৰি গৈছে অতীতলৈ ।

ৰাজ্যৰ এগৰাকী সন্মানীয় মন্ত্রী অতুল বৰা । বৰ্তমান ৰাজ্যৰ কৃষি বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্রীত্বৰ দায়িত্বভাৰ চলাই গৈছে তেওঁ । বিভাগীয় কৰ্মত ব্যস্ত থকাৰ মাজতে স্বাস্থ্যৰ প্ৰতি সচেতন এইগৰাকী ৰাজ্যৰ মন্ত্রী । শৰীৰচৰ্চা কৰি নিজকে সুস্থ সবল কৰি ৰখাৰ চেষ্টা কৰে মন্ত্রী অতুল বৰাই । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এটা জীমত শৰীৰ চৰ্চাৰ ফটো তেওঁ ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছিল । সেয়া হয়তো সকলোৱে দেখিছে ।

প্ৰকৃততে ক্ৰীড়াক মনে প্ৰাণে ভাল পাই এইগৰাকী কৃষি মন্ত্রীয়ে । সোমবাৰে বোকাখাতত তাৰেই এক প্ৰতিচ্ছবি দেখা গ’ল । বোকাখাত চাহবাগিছা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত “৩৯ সংখ্যক বাৰ্ষিক ক্ৰীড়া সমাৰোহ”ত উপস্থিত থাকিল অতুল বৰা । পৰম্পৰাগত খেল-ধেমালী প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে মন্ত্রীগৰাকী । এইবাৰ খেলুৱৈৰ মন এটা সদায় পুহি ৰখা অতুল বৰা ৰৈ থাকিব নোৱাৰিলে । স্হানীয় যুৱকসকলৰ সৈতে ৰছী টনা খেলত অংশগ্ৰহণ কৰিলে মন্ত্রী গৰাকীয়ে । ল’ৰালিলৈ ঘূৰি গল ৰাজ্যৰ কৃষি মন্ত্রী গৰাকী । সেয়েহে ছচিয়েল মিডিয়াতো এই ভিডিঅ শ্বেয়াৰ কৰি লিখিলে -“ৰছী টনা খেলত অংশ লৈ নষ্টালজিক হৈ পৰিলো । ল’ৰালিকালত এনে প্ৰতিযোগিতাত অংশ লোৱা দিনবোৰ মানসপটত সজীৱ হৈ উঠিল ।”
লগতে এই প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ বিতৰণ কৰে তেওঁ । গ্ৰামাঞ্চলৰ এনে প্ৰতিযোগিতাই প্ৰতিভাসমূহ বিকশিত কৰিব বুলি আশাবাদী তেওঁ ।

অসমৰ চুকে কোণে সিঁচৰতি হৈ আছে এনে বহু পৰম্পৰাগত খেল ধেমালি । যাৰ খেলৰ আচলত ধৰিয়েই ডাঙৰ দীঘল হৈছো আপুনি বা মই । মন্ত্রী অতুল বৰা এক উদাহৰণ । মন্ত্রীত্ব দোলেৰেও যাক ধৰি ৰাখিব নোৱাৰে, সকলো বাধাৰ প্ৰাচীৰ ভাঙি যি উন্মোচন হয়, সেয়াই হৈছে ক্ৰীড়া, অসমৰ পৰম্পৰাগত খেল -ধেমালী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments