Thursday, July 7, 2022
HomeNewsছিডনী এদিনীয়া: অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়

ছিডনী এদিনীয়া: অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়

অলিম্পিয়া প্ৰতিবেদন

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত এদিনীয়া ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিছিল ভাৰতৰ। আজিৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হৈছিল এদিনীয়া শৃংখলাৰ খেলসমূহ। ছিডনীত অনুষ্ঠিত আজিৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ হাতত ৬৬ ৰানত পৰাজয় স্বীকাৰ কৰে ভাৰতীয় দলটোৱে।

টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দলটোৱে এৰণ ফিন্স আৰু ষ্টিভ স্মিথৰ বিস্ফোৰক শতকৰ সহায়েৰে ৩৭৫ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। এৰণ ফিন্সে ১১৪ ৰান কৰাৰ বিপৰীতে ষ্টিভ স্মিথে কেৱল ৬৬ টা বলতে ১০৫ ৰানৰ এটা বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে। ভাৰতৰ হৈ মহম্মদ ছামিয়ে ৩ টা উইকেট দখল কৰে। বুমৰাহ, চাইনি, চহল আদি অষ্ট্ৰেলিয়াৰ বেটিং আক্ৰমণৰ সমুখত নিষ্প্রভ দেখা পোৱা গ’ল।

৩৭৫ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা ভাৰতীয় দলে নিৰ্ধাৰিত ৫০ অভাৰত ৩০৮ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। ভাৰতৰ হৈ শিখৰ ধাৱানে ৭৪ ৰান আৰু হাৰ্ডিক পাণ্ডিয়াই ৯০ ৰান সংগ্ৰহ কৰে। অধিনায়ক বিৰাট কোহলিয়ে ২১ ৰান কৰিয়েই পেভিলিয়নমুখী হয়। অষ্ট্ৰেলিয়াৰ হৈ হেজেলউডে ৩ টা আৰু আডাম জেম্পাই ৪ টা উইকেট দখল কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments