Monday, October 3, 2022
HomeNewsঅষ্ট্ৰেলিয়া অপেনত ৰাফেল নাডালৰ বিশ্ব অভিলেখ

অষ্ট্ৰেলিয়া অপেনত ৰাফেল নাডালৰ বিশ্ব অভিলেখ

অলিম্পিয়া প্ৰতিবেদন

মহাতাৰকাৰ দ্বিগবিজয় । অষ্ট্ৰেলিয়া অপেনত বিশ্ব অভিলেখ গঢ়িলে ৰাফেল নাডালে । অষ্ট্ৰেলিয়া অপেনত ২০২২ ৰ খিতাপ অৰ্জন স্পেইনৰ টেনিছ ছুপাৰষ্টাৰৰ । ২১ টা গ্ৰেণ্ড শ্লাম খিতাপ জয়ী প্ৰথমগৰাকী পুৰুষ টেনিছ খেলুৱৈ হোৱাৰ ইতিহাস ৰচনা ।

অষ্ট্ৰিলিয়া অপেন ২০২২ ত স্পেইনৰ টেনিছ খেলুৱৈ ৰাফেল নাডালৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ।পুৰুষ ছিংগলছৰ ফাইনেলত অৱতীৰ্ণ হ’ল ৰাছিয়াৰ দুৰ্ধৰ্ষ টেনিছ তাৰকা ডানিল মেডভেডেভৰ বিৰুদ্ধে । বিশ্ববাসীৰ সন্মুখত নাডালে টেনিছৰ হট শ্বটৰে দিলে চমক । ৫ ঘন্টা ২৪ মিনিটৰ এই মহাৰণত নাডালৰ হাতত ধৰাশায়ী হল ডানিল মেডভেডেভ । ফাইনেলৰ দুটা ছেটত ডানিল মেডভেডেভ আগবাঢ়ি থকাৰ পাছতো দুৰ্দান্ত প্ৰত্যাৱৰ্তন কৰিলে বহু যুঁজৰ নায়কগৰাকীয়ে । দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ভিত্তিত পাছৰ তিনিটা ছেটত সলনি হ’ল সম্পূৰ্ণ দৃশ্যপট । ফাইনেলৰ মহাৰণত ৰাছিয়াৰ ডানিল মেডভেডেভক ২-৬, ৬-৭, ৬-৪, ৬-৪, ৭-৫ ব্যৱধানত পৰাস্ত কৰি এই ছিজনৰ চেম্পিয়ন হয় পাৱাৰ টেনিছৰ দুৰ্ধৰ্ষ মহানায়ক ৰাফাৰূপে পৰিচিত নাডাল । এই জয়ৰ লগে লগে এক নতুন অভিলেখ গঢ়িলে ৰাফেল নাডালে । ২১ টা ছিংগলছৰ গ্ৰেণ্ড শ্লাম জয়ী বিশ্বৰ প্ৰথমগৰাকী পুৰুষ টেনিছ খেলুৱৈৰূপে চিহ্নিত হল স্পেইনৰ তাৰকাগৰাকী । এই খিতাপ অৰ্জন কৰি আবেগিক হৈ পৰে টেনিছ খেলুৱৈ ৰাফেল। বিজয়ৰ ট্ৰফীত ৰাফেলে যাচিলে আবেগভৰা চুম্বন ।
চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ৰাফেল নাডালে কলে-” মোৰ টেনিছ কেৰিয়াৰৰ ভিতৰত এইখন খেল আছিল অন্যতম । চমৎকাৰভৰা খেল আছিল মোৰ বাবে ।বিগত তিনি সপ্তাহত লাভ কৰা সমৰ্থন মোৰ হৃদয়ত সদায়ে থাকিব” ।
উল্লেখযোগ্য যে পূৰ্বে ২০ টা গ্ৰেণ্ড শ্লামেৰে এই ৰেকৰ্ড আছিল তেওঁৰ লগতে ৰজাৰ ফেডেৰাৰ আৰু নোভাক জকোভিচৰ নামত । কৰণাজনিত কাৰণত খেলত অংশগ্ৰহণ কৰিব পৰা নাছিল নোভাক জকোভিচে । সি যি কি নহওক পূৰ্বৰ অভিলেখ ভংগ কৰি ইতিহাস গঢ়িলে ৰাফেল নাডালে ।
বিশ্ব টেনিছ ক্ষেত্ৰত নাডালে ৰোপন কৰিলে এক মাইলৰ খুঁটি । কোটি কোটি ক্ৰীড়া অনুৰাগীৰ নয়নৰ মণি হৈ পৰিছে ৰাফেল। এইগৰাকী কিংবদন্তি টেনিছ মহাতাৰকাক অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও জনালো শুভেচ্ছা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments