Monday, October 3, 2022
HomeNewsঅৰ্থনৈতিক মন্দাৱস্থাই জুৰুলা কৰিছে অষ্ট্ৰেলিয়ান ক্ৰিকেট ব'ৰ্ডক : চাটাই হ'ল ৮০ শতাংশ...

অৰ্থনৈতিক মন্দাৱস্থাই জুৰুলা কৰিছে অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ডক : চাটাই হ’ল ৮০ শতাংশ কৰ্মচাৰী

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সংবাদ :

olympiasports.in

কৰ’না মহামাৰীৰ বাবে এতিয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ৰীড়া সংস্থা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। কালি আমি প্ৰকাশ কৰিছিলোঁ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ক্ৰীড়া অৰ্থনীতি কিদৰে ধ্বংসৰ মুখলৈ গতি কৰিছে। লকডাউনৰ বাবে এতিয়ালৈকে ৯৪ হাজাৰ কোটিতকৈ অধিক ক্ৰীড়া ৰাজহ হেৰুৱাইছে আমেৰিকাই।

বিশ্বৰ আন এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ অষ্ট্ৰেলিয়া। ক্ৰিকেট জগতত সৰ্বাধিক বিশ্বকাপ জয় কৰি ইতিহাস সৃষ্টি কৰি থৈছে অষ্ট্ৰেলিয়াই। বৰ্তমান লকডাউনৰ বাবেই এতিয়া ক্ৰিকেট অষ্ট্ৰেলিয়া প্ৰচুৰ অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

The Sydney Morning Herald সংবাদ পত্ৰত প্ৰকাশিত বাতৰি অনুসৰি ক্ৰিকেট অষ্ট্ৰেলিয়াই যি বৃহৎ পৰিমাণৰ ৰাজহ সেৰুৱালে তাৰ মোকাবিলা কৰিবলৈ কমনৱেলথ বেংৰ পৰা প্ৰায় পাঁচ কোটি ডলাৰ ঋণ লবলৈ প্ৰস্তুত হৈছে।

ক্ৰিকেট অষ্ট্ৰেলিয়াই সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যাৰ বাবেই এতিয়া ব’ৰ্ডৰ প্ৰায় ৮০ শতাংশ কৰ্মচাৰীক চাটাই কৰিবলৈ আগবাঢ়িছে। ইয়াৰ উপৰিও ব’ৰ্ডে ২০০ কৰ্মচাৰীক দিবলগীয়া পাৰিশ্ৰমিকৰ ২০ শতাংশ কৰ্তন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ কাৰ্যকৰী সভাপতি কেভিন ৰবাৰ্টছে মন্তব্য কৰিছে যে অচিৰেই যদি ষ্টাৰ প্লেয়াৰৰ পাৰিশ্ৰমিকো কৰ্তন কৰা নহয় তেনে আগষ্ট মাহৰ শেষলৈকে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ হাতত এপ‌ইচাও নাথাকিবগৈ। এইখিনিতে মন কৰিবলগীয়া কথা যে বৰ্তমান অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ব’ৰ্ডৰ যিসকল কৰ্মচাৰীয়ে কাম কৰি আছে তেওঁলোকে মাত্ৰ ২০% পাৰিশ্ৰমিকতেই কাম কৰি আছে। অথচ ক্ৰিকেট ব’ৰ্ডৰ কাৰ্যকৰী সভাপতি কেভিন ৰবাৰ্টছে ৮০ শতাংশ পাৰিশ্ৰমিক লৈ আছে।

উল্লেখ্য যে আই চি চিৰ সূচী অনুসৰি চলিত বছৰৰ ১৮ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত টি-২০ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা। কিন্তু কৰ’না মহামাৰীয়ে বিশ্বত সৃষ্টি কৰা জটিল পৰিবেশ, পৰিস্থিতিৰ বাবে এতিয়া এই প্ৰতিযোগিতাখনলৈও অনিশ্চয়তা নামি আহিছে। আনহাতেদি প্ৰতিযোগিতাখনলৈ মাজত মাত্ৰ পাঁচ মাহ থকাৰ সময়ত অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডে সন্মুখীন হোৱা প্ৰচুৰ অৰ্থনৈতিক সমস্যায়ো প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত নিশ্চয়কৈ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব বুলিও আশংকা প্ৰকাশ কৰিছে একাংশ ক্ৰিকেট বিশেষজ্ঞ‌ই। মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট চিৰিজো এতিয়া বাতিল হোৱাৰ পথত। যদি এই টেষ্ট চিৰিজ বাতিল হয় তেনে অষ্ট্ৰেলিয়া ক্ৰিকেট ব’ৰ্ডে টেলিভিছনৰ লগত চুক্তিবদ্ধ হোৱা প্ৰায় ৩০ কোটি ডলাৰ ৰাজহ হেৰুৱাব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments