অলিম্পিয়া প্রতিবেদন
ষ্টুৱাৰ্ট মেকগিল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ। ১৪ এপ্ৰিলত এইগৰাকী ক্ৰিকেটাৰকে ছিডনীস্থিত তেওঁৰ বাসভৱনৰ সমুখৰ পৰা অপহৰণ কৰে এটা দুৰ্বৃত্তৰ দলে। ক্ৰিকেটাৰগৰাকীক অপহৰণৰ গোচৰত বুধবাৰে চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰে ছিডনী আৰক্ষীয়ে।
উল্লেখযোগ্য যে, যোৱা ১৪ এপ্ৰিলত মেকগিলক তেওঁৰ বাসভৱনৰ ওচৰৰ পৰা অচিনাক্ত দুৰ্বৃত্তকেইজনে অপহৰণ কৰি এঘণ্টাৰ পাছতে মুকলি কৰি দিয়ে।ক্ৰিকেটাৰগৰাকীক ওচৰৰে আন এখন ঠাইলৈ লৈ গৈ তেওঁক শাৰীৰিক অত্যাচাৰ কৰাৰ উপৰিও বন্দুক দেখুৱাই হত্যাৰ ভাবুকি দিয়ে।
আৰক্ষীৰ ভাষ্য অনুসৰি, অপহৰণকাৰী সকলৰ এগৰাকী ক্ৰিকেটাৰগৰাকীৰ চিনাকি। আৰক্ষীৰ তদন্তৰ অন্তত টকাৰ বাবেই এই অপহৰণকাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। আৰক্ষীৰ ভাষ্য কৰি ঘটনাৰ দিনা ছিডনিৰ উত্তৰাঞ্চলৰ এটা ৰাস্তাৰে মেকগিল আহি থাকোতে হঠাৎ এজন অচিনাক্ত লোকে তেওঁক আগুৰি ধৰে। পিছত আন দুজন লোকে মেকগিলক গাড়ীত তুলি নিয়ে।
অপহৰণৰ এঘণ্টাৰ পিছত মেকগিলক মুকলি কৰি দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়া হয়। জোৰদাৰ তদন্তৰ অন্তত বুধবাৰে চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ কৰে ছিডনী আৰক্ষীয়ে।
উল্লেখযোগ্য যে ৫০ বৰ্ষীয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীয়ে নিজৰ কেৰিয়াৰত ৪৪খন টেষ্ট মেছত ২০৮টাকৈ উইকেট দখল কৰিছিল।