Friday, September 30, 2022
HomeNews১৯ বছৰীয়া ভাৰতীয় যুৱতীৰ বিশ্বজয়ৰ আঁৰৰ কথা

১৯ বছৰীয়া ভাৰতীয় যুৱতীৰ বিশ্বজয়ৰ আঁৰৰ কথা

অলিম্পিয়া প্ৰতিবেদন

১৯ বছৰীয়া এগৰাকী যুৱতী।নাম অৱনী লেখাৰা। পিছে অৱনী লেখাৰা কেৱল এতিয়া এক নাম নহয় এক ইতিহাস।টকিঅ পেৰালিম্পিকত স্বৰ্ণ আৰু ব্ৰঞ্জপদক জয়েৰে অৱনীয়ে ৰচিলে ইতিহাস ।ইতিহাসৰ পাত লুটিয়ালে চিৰকাল উজ্জ্বলিব এইগৰাকী মহীয়হী নাৰীৰ নাম।ভাৰতৰ শ্বটিংৰ ক্ষেত্ৰখনক সফলতাৰ শিখৰলৈ লৈ গ’ল অৱনীয়ে।
২০০১ চনৰ ৮ নৱেম্বৰ ।ৰাজস্থানৰ জয়পুৰত জন্মগ্ৰহন কৰিছিল পেৰা শ্বুটাৰে।ভাৰতবাসীৰ বাবে কল্পনাৰো অগোচৰ আছিল যে এগৰাকী কমবয়সীয়া যুৱতীয়ে পদক জয়েৰে পেৰালিম্পিকত প্ৰথমগৰাকী স্বৰ্ণজয়ী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হ’ব।পিছে কেৱল স্বৰ্ণয়ে নহয়, আন এক ব্ৰঞ্জৰ পদক লাভ কৰি একেটা পেৰালিম্পিকত দুটাকৈ পদকপ্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হিচাপে স্বীকৃতি পালে অৱনী লেখাৰাই ।
বিশ্বদৰবাৰত ভাৰতক গৌৰৱান্বিত কৰি সোমবাৰে অৱনীয়ে ভৰি থলে স্বদেশত ।পদক প্ৰাপ্তিৰ হাঁহি বিৰিঙিল অৱনী লেখাৰাৰ মুখত।
অৱনী লেখাৰা হৈছে ১০ মিটাৰ এয়াৰ ৰাইফলছৰ বিশ্বৰ পাঁচ নং ৰেকিঙৰ খেলুৱৈ । পেৰালিম্পিকৰ মঞ্চতো ১০ মি: আৰু ৫০ মি: এয়াৰ ৰাইফলছত প্ৰদৰ্শন কৰিলে দুৰ্দান্ত খেল ।ইতিমধ্যে এইগৰাকী কমবয়সীয়া পেৰা খেলুৱৈয়ে ইয়াৰ পূৰ্বে ২০১৮ চনত অৱতীৰ্ণ হৈছিল এছিয়ান পেৰা গেমছত।


এইগৰাকী স্বৰ্ণজয়ী পেৰালিম্পিয়ানৰ প্ৰশিক্ষক হৈছে চুমা সিদ্ধাৰ্থ শ্ৰীৰুৰ।প্ৰশিক্ষক গৰাকীয়ে অৱনী লেখাৰাৰ পেৰালিম্পিক যাত্রাৰ বিষয়ে মন্তব্য কৰিছে ।
প্ৰশিক্ষক গৰাকীয়ে অৱনী সন্দৰ্ভত কয় যে,” এয়াৰ ৰাইফলছ শ্বটিং শৰীৰৰ বাবে প্ৰত্যাহ্বানজনক আছিল।তাৰ বাবে শ্বটিং শৈলী জানিব লাগিব।এই ৰাইফলছ ঠিকমতে ধৰাৰ কাৰণে ৫.২ কিঃগ্ৰাঃ ওজন উঠোৱাৰ অভ্যাস কৰিব লাগিব ।এক প্ৰত্যাহবানৰ মাজেৰে নিজৰ সাধনাৰ জৰিয়তে অৱনীয়ে লাভ কৰিছে স্বৰ্ণ।অৱনী সাফল্যত সুখী চুমা সিদ্ধাৰ্থ শ্ৰীৰুৰ।

এইসকল খেলুৱৈ শাৰিৰীক বিশেষভাৱে সক্ষম।কিন্তু সকলো প্ৰত্যাহ্বান নেওচি ভাৰতলৈ টকিঅ’ পেৰালিম্পিকৰ পৰা বুটলি আনিলে ১৯ টাকৈ পদক।তেওলোকৰ যিমানেই কৃতজ্ঞতা জনাব, সিমানেই যেন কম হ’ব ।অৱনী লেখাৰা এতিয়া সমগ্ৰ ভাৰতবাসী তথা নৱপ্ৰজন্মৰ যুৱতী সকলক বাবে আৰ্দশ ।এইগৰাকী মহীয়সী নাৰীয়ে মহীয়ান কৰিলে কৰিলে ভাৰতৰ ক্ৰীড়া জগত ।চেল্যুট টু ইণ্ডিয়ান পেৰালিম্পিয়ান।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments