Monday, October 3, 2022
HomeNewsলৌহপুৰুষ প্রেমদা কান্ত শৰ্মাৰ ১০৭ সংখ্যক জন্ম জয়ন্তী :অসম ক্রীড়া-সাংস্কৃতিক উৎসৱ সমিতিৰ...

লৌহপুৰুষ প্রেমদা কান্ত শৰ্মাৰ ১০৭ সংখ্যক জন্ম জয়ন্তী :অসম ক্রীড়া-সাংস্কৃতিক উৎসৱ সমিতিৰ বঁটা ঘােষণা

অলিম্পিয়া

ৰাজ্যৰ অন্যতম অগ্রণী অনুষ্ঠান অসম ক্রীড়া – সাংস্কৃতিক উৎসৱ সমিতিয়ে ২০২১-২২ বৰ্ষৰ বঁটা বিজয়ীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘােষণা কৰিছে । এইবাৰ সমিতিয়ে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব সাংবাদিকতাত পবিত্র গগৈ, সাহিত্যত তৰেন বড়াে, চিকিৎসাত ডাঃ অচ্যুত বৈশ্য, ক্রীড়াত বিকাশ বৰুৱা, সমাজসেৱাত দ্বিজেন ভট্টাচার্য (অকনি দা) আৰু সংগীতত অনির্বান দাসক ।
আনহাতে বর্ষশ্রেষ্ঠ বঁটা বিজয়ীসকল হ’ল শ্রেষ্ঠ ক্রীড়া প্রশাসক লক্ষ্য কোঁৱৰ (উপাধ্যক্ষ, অসম ক্রীড়া প্রাধিকৰণ), শ্রেষ্ঠ ৰাষ্ট্ৰীয় ক্রীড়া সংগঠক তপন কুমাৰ দাস (কোষাধ্যক্ষ, হকী ইণ্ডিয়া),
শ্রেষ্ঠ ৰাজ্যিক ক্রীড়া সংগঠক অংকুশ দত্ত (সম্পাদক, অসম টেনিছ সন্থা), শ্রেষ্ঠ ক্রীড়া প্রশিক্ষণ কেন্দ্র ঈগল মার্চিয়েল আৰ্টছ এণ্ড যােগ একাডেমী আৰু শ্রেষ্ঠ খেলুৱৈ ঃ নাজনীন
জাফৰ (মহিলা টেনিছ) । আনহাতে, ক্রমাগত তিনিখন অলিম্পিকলৈ অসমৰ ক্রীড়াবিদ প্ৰেৰণ কৰি গৌৰৱ অৰ্জা অসম বক্সিং সন্থাই লাভ কৰিছে শ্রেষ্ঠ ক্রীড়া সংগঠনৰ বঁটা । ইফালে, গর্গেশ্বৰ দাসৰ সমন্বয়ৰ সেঁতু’ শ্রেষ্ঠ গ্রন্থ, ইতিহাস থিয়েটাৰ শ্ৰেষ্ঠ ভ্রাম্যমাণ নাট্যদল, মৃদুল ভূঞা শ্রেষ্ঠ অভিনেতা আৰু ৰঞ্জিত দাস (কলংক) শ্রেষ্ঠ নাট্যকাৰ নির্বাচিত হােৱাৰ লগতে বিশিষ্ট অভিনয় শিল্পী জ্যোতি ভূঞা, লেখক ড০ দীনেশ কাকতি নাথ, লেখিকা অঞ্জলি দাস আৰু শাস্ত্রীয় সংগীত শিল্পী শশীন্দ্র শর্মাকো বঁটা প্ৰদান কৰা হ’ব ।
আনহাতে, আকাশবাণী গুৱাহাটী কেন্দ্রৰ প্রবাল কুমাৰ শৰ্মা, ছিকিমৰ দুই ক্রীড়াবিদ বিজয় কুমাৰ আৰু এলেন টাগাইন তথা ৰাজ্যৰ দুই মহিলা সাংবাদিক মমতা মিশ্র (দ্য আছাম ট্রিবিউন) আৰু সিন্ধাশিখা (ডি ৱাই ৩৬৫) ক সমিতিয়ে বিশেষ বঁটা দিব। উল্লেখ্য যে লৌহপুৰুষ প্রেমদা কান্ত শৰ্মাৰ ১০৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অহা ২৬ মার্চ, ২০২২ ত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আবেলি পাঁচ বজাত হ’বলগা ২৬ সংখ্যক অসম ক্রীড়া- সাংস্কৃতিক উৎসৱৰ ৰাষ্ট্ৰীয় কার্যসূচীত বঁটাসমুহ প্রদান কৰা হ’ব।বর্ণাঢ্য উক্ত অনুষ্ঠানতে সমিতিয়ে সম্বর্ধনা জনাব সাংবাদিক পুলিন দেৱশৰ্মা, বিকাশ শর্মা, ভাস্কৰ শৰ্মা,
মিতালী কোঁৱৰ, ক্রীড়াবিদ জে এন তুলিকা, মনােজ কলিতা আৰু ৰাতুল মুখাৰ্জীক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments