আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতালৈ অসমৰ আয়ান ৰছিদ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ এগৰাকী প্ৰতিভাশালী বেডমিণ্টন খেলুৱৈ আয়ান ৰছিদ। বিশ্ব জুনিয়ৰ বেডমিণ্টন ৰেংকিঙৰ মিক্সড ডাবলছত সম্প্ৰতি ১১ নং ৰেংকৰ খেলুৱৈ আয়ানৰ ছিংগলছত ৰেংকিং ৫৪। দেশৰে এগৰাকী উদীয়মান খেলুৱৈ আয়ানে ছেপ্টেম্বৰত দুখনকৈ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত অংশ ল’ব। তেওঁক সংগ দিব অসম বেডমিণ্টন একাডেমীৰ প্ৰশিক্ষক সৌৰভ দাসে।

খেলুৱৈগৰাকীয়ে অহা ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া এফ যেদ ফর্জ আল্পছ ইন্টাৰনেচনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। তাৰ পিছতেই তেওঁ বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া য়’নেক্স বেলজিয়াম জুনিয়ৰ প্ৰতিযোগিতাতো অংশ ল’ব। প্ৰতিযোগিতাখন অহা ২৪ ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব। আয়ান আৰু তেওঁৰ প্ৰশিক্ষক সৌৰভ দাস দুয়োজনেই বুধবাৰে দিল্লীৰ পৰা ফ্ৰান্সলৈ বুলি ৰাওনা হ’ব। অসম বেডমিণ্টন সন্থাই উদীয়মান খেলুৱৈজনলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *