Tuesday, July 5, 2022
HomeNewsবাবৰৰ অভিলেখ!

বাবৰৰ অভিলেখ!

অলিম্পিয়া প্ৰতিবেদন

বেট হাতত লৈ ৰানৰ সৈতে খেলা কৰাত পাৰ্গত বাবৰ। পাকিস্তানৰ এটি শ্ৰেষ্ঠ বেটিং স্তম্ভ এই বাবৰ। সম্পূৰ্ণ নাম বাবৰ আজম। এইবাৰ বাবৰ আজমে গঢ়িলে আন এক কীৰ্তি। কম সংখ্যক ইনিংছ খেলি দ্ৰুততম ৫০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ তৃতীয় গৰাকী খেলুৱৈত পৰিগণিত হয় বাবৰ।

সদ্যহতে, ইংলিছ ক্লাব চমাৰছেটৰ হৈ টি টুৱেন্টি ব্লাষ্ট টুৰ্ণামেণ্টত ভাগ লৈছে বাবৰে। বুধবাৰে, গ্লেমাৰগনৰ বিৰুদ্ধে ৬২ বলত ১১৪ ৰান সংগ্ৰহ কৰে বেটছমেনগৰাকীয়ে। লগে লগে তেওঁৰ সম্পূৰ্ণ হয় আন্তঃৰাষ্ট্ৰীয় টি টুৱেন্টিত ৫০০০ ৰান। পাঁচ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ বাবৰে খেলিছিল ১৪৫ টাকৈ ইনিংছ। তেওঁৰ আগতে ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইলে ১৩২ টা ইনিংছ আৰু অষ্ট্ৰেলিয়াৰ শ্বন মাৰ্ছে ১৪৪ টা ইনিংছ খেলি সম্পূৰ্ণ কৰিছিল পাঁচ হাজাৰ ৰান। এইক্ষেত্ৰত বাবৰ ৰৈছেগৈ তৃতীয় স্থানত।

টি টুৱেন্টি ক্ৰিকেটত দ্ৰুততম ৫০০০ ৰান কৰা ক্ৰিকেটাৰৰ তালিকা:

  • ১) ক্ৰিছ গেইল: ১৩২ ইনিংছ
  • ২) শ্বন মাৰ্ছ: ১৪৪ ইনিংছ
  • ৩) বাবৰ আজম: ১৪৫ ইনিংছ
  • ৪)এৰন ফিন্স: ১৫৯ ইনিংছ
  • ৫)মাইকেল ক্লিঙ্গাৰ: ১৬২ ইনিংছ
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments