Monday, October 3, 2022
HomeNews'জামাতীয়েই ভাৰতত কৰ'না বিয়পালে', নিজৰ মতত অটল ডঙ্গল গাৰ্ল ববিতা ফ'গাট

‘জামাতীয়েই ভাৰতত কৰ’না বিয়পালে’, নিজৰ মতত অটল ডঙ্গল গাৰ্ল ববিতা ফ’গাট

olympiasports.in

ভাৰতত কৰ’নাৰ আক্ৰান্তৰ তালিকাত নিজামুদ্দিন জামাতৰ জামাতীৰ নাম যোগ হোৱাৰ পিছতে টুইটাৰত দুটা টুইট কৰিছিল ডঙ্গল গাৰ্গ মল্লযুঁজাৰু ববিতা ফ’গাটে। আৰু লগে লগে সমালোচনাৰে থকাসৰকা কৰা হৈছিল হাৰিয়ানাৰ মল্লযুঁজাৰুগৰাকীক। ববিতাই দিয়া প্ৰথমটো টুইটত উল্লেখ কৰিছিল এইদৰে, “হ’ব পাৰে তোমালোকৰ দেশত কৰ’না বাদুলিৰ পৰা সংক্ৰমিত হৈছে, আমাৰ ভাৰততটো মূৰ্খ গাহৰিবোৰৰ বাবে হৈছে। এইবুলি কৈ তেওঁ Nizamuddinidiots বুলি হেছ টেগ ব্যৱহাৰ কৰিছিল। অৱশ্যে পিছত সেই বিশেষ টুইটটো তেওঁ ডিলিট কৰে।

ববিতাৰ বিতৰ্কিত টুইটো

অৰ্থাৎ ভাৰতত কৰোনাৰ সংক্ৰমণৰ বাবে তেওঁ চিধা চিধিকৈ জামাতিসকলক দোষী সজাইছিল। তাৰ পিছত দ্বিতীয়টো টুইটত তেওঁ উল্লেখ কৰিছিল যে ভাৰতত কৰ’না ডাঙৰ সমস্যা নহয়। কৰোনাতকৈ ডাঙৰ সমস্যা হৈছে জামাতিসকলহে।

এই দুটা টুইটৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত শনিবাৰে এটা ভিডিঅ’ৰ জৰিয়তে মল্লযুঁজাৰুগৰাকীয়ে কয় যে তেওঁ কোনো ভুল মন্তব্য দিয়া নাই। ভিডিঅ’টোত তেওঁ আৰু কয় যে, কেইদিনমান আগতে

“মই টুইটাৰত কিবা এটা টুইট কৰিছিলোঁ। তাৰপাছতেই মই ফেচবুকৰ মেচেঞ্জাৰ, টুইটাৰ মেচেঞ্জাৰ আৰু হোৱাটছএপৰ জৰিয়তে বিভিন্ন বেয়া মন্তব্য শুনিবলৈ পাইছোঁ। আনকি বহুতে ফোন কৰিও মোক ভাবুকি প্ৰদান কৰিছে। মই সেইসকলক এটা কথা স্পষ্ট কৰি দিব খোজো যে মই যাইৰা ৱাচিম নহয় যে এনেধৰণৰ ভাবুকিলৈ ভয় কৰিম। মই তোমালোকৰ ভাবুকিলৈ ভয় কৰা নাই।”

https://twitter.com/BabitaPhogat/status/1251029745191448576?s=19

” মই ববিতা ফগাট হয়। মই মোৰ দেশৰ কাৰণে সদায়যুঁজি যাম আৰু এনেকৈ মুক্তভাৱে মোৰ মনৰ ভাৱ প্ৰকাশ কৰি যাম। মই টুইটটোৰ জৰিয়তে কোনো ভুল কথা কোৱা নাই। মই সেইসকলৰ বিপক্ষেহে কৈছো যিসকলে ভাৰতত কৰ’না ভাইৰাছ বিয়পাইছে।” ভিডিঅ’টোত এইদৰে কয় কমনৱেলথ গেমছৰ পদক বিজয়ী মল্লযুঁজাৰুগৰাকীয়ে।

উল্লেখযোগ্য যে কৰোনাৰ বাবে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক দোষাৰোপ কৰি মন্তব্য দিয়াৰ পিছত খেলুৱৈগৰাকীয়ে এচামৰ পৰা সমৰ্থন লাভ কৰাৰ বিপৰীতে আন বহুতে খেলুৱৈগৰাকীৰ এনে সাম্প্ৰদায়িক মনোভাৱক সমালোচনা কৰিছে। বুধবাৰে টুইটাৰত তেওঁৰ বিপক্ষে #suspendBabitaPhogat ট্রেণ্ডৰো সৃষ্টি হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments