Wednesday, October 5, 2022
HomeNewsগ্ৰীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে ভাৰত মহাসাগৰত নামিব বাবুল - কস্তুৰী

গ্ৰীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে ভাৰত মহাসাগৰত নামিব বাবুল – কস্তুৰী

অলিম্পিয়া প্ৰতিবেদন

ভাৰত মহাসাগৰ সাঁতুৰিব গুৰু-শিষ্যই । এক অভিলেখ সৃষ্টিৰ দিশে অসম । বাবুল গুৰুং, কনিষ্ঠ সন্তৰণবিদ কস্তুৰীয়ে কৰিব দু:সাহসিক ক্ৰীড়া ।

সাঁতোৰ প্ৰদৰ্শনৰে গ্ৰীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম লিখিব বিচাৰিছে অসমৰ দুই সন্তানে । ২৯ মাৰ্চৰ সন্ধিয়া ভাৰত মহাসাগৰৰ বুকুত নামিব বাবুল গুৰুং আৰু কস্তুৰী গগৈ । শ্ৰীলংকাৰ কলম্বোত এই অভিযান আৰম্ভ হৈ অন্ত পৰিব ৩০ মাৰ্চৰ সন্ধিয়া ভাৰতৰ তামিলনাডুত । এই সাঁতোৰৰ মুঠ দূৰত্ব ১১০ কিঃ মিঃ । দেশৰ নৌ সেনা বাহিনী আৰু সৰ্বভাৰতীয় ছুইমিং ফেডাৰেচনে এই সাঁতোৰত সহযোগ কৰিব ।

উল্লেখযোগ্য যে, বাবুল গুৰুঙৰে শিষ্য কস্তুৰী গগৈ । অলপতে গুজৰাটৰ পোৰবন্দৰত অনুষ্ঠিত সাগৰীয় সাঁতোৰত দুয়োগৰাকীয়ে লাভ কৰিছিল পদক । এইবাৰ সকলো প্ৰত্যাহ্বান নেওচি গ্ৰীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে আগবাঢ়িছে সন্তৰণবিদ দুগৰাকী ।
ইতিমধ্যে শ্ৰীলংকাত উপস্থিত হৈ কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে কস্তৰী ।

ভাৰত মহাসাগৰত উত্তৰ পূৰ্বাঞ্চলৰ সন্তৰণবিদৰ এয়া প্ৰথম প্ৰচেষ্টা । ক্ৰীড়া অনুৰাগীৰ আশা — লক্ষ্যত উপনীত হওক দুয়োগৰাকী অসম সন্তান । দুঃসাহসিক সাঁতোৰেৰে গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত কৰক নিজৰ নাম । অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰা দুয়োগৰাকীলৈ থাকিল শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments