থমাছ বাক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ হিচাপে পুনৰ এটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। আগন্তুক বৰ্ষত অনুষ্ঠিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা একমাত্ৰ পাৰ্থী হিচাপে পৰিগণিত হৈছে।
আগন্তুক বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হব অলিম্পিক কমিটিৰ নিৰ্বাচন। এই নিৰ্বাচনত থমাছ বাকৰ লগত প্ৰতদ্বন্দিতা আগবঢ়াবলৈ কোনো আগবাঢ়ি অহা নাই। জুলাইত অনুষ্ঠিত হোৱা অনলাইন বৈঠকত ৫০ অলিম্পিক কমিটিৰ ৫০ তকৈ অধিক সদস্যই থমাছ বাকক সমৰ্থন কৰি ভোট দিয়ে।ইয়াৰ পিছতেই তেওঁ পুনৰ অধ্যক্ষ হৈ পৰাটো নিশ্চিতহৈ পৰিছিল।
উল্লেখ্য যে থমাছ বাক ২০১৩ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্বত আছে।