অলিম্পিয়া প্রতিবেদন
বেয়া দিনে যেন লগ এৰা নাই পৃথ্বী শ্ব’ক। এইবাৰ বিনোদনৰ বাবে গোৱালৈ যোৱাৰ পথত খোদ আৰক্ষীৰ বাধাৰ সম্মুখীন হ’ল উদীয়মান ক্ৰিকেটাৰগৰাকী। অতি শেহতীয়াকৈ ইংলেণ্ড অভিমুখী ভাৰতীয় দলতো স্থান লাভৰ পৰা বঞ্চিত হয় শ্ব’। খেলুৱৈগৰাকীয়ে দলত স্থান লাভ নকৰাক কেন্দ্ৰ কৰি সমালোচনাৰ সন্মুখীন হৈছিল বি চি চি আই। প্ৰশ্নৰ সন্মুখীন হোৱাৰ পিছত বি চি চি আইয়ে খেলুৱৈগৰাকীক ওজন কমোৱাৰ পৰামৰ্শ দিছিল।
পূৰ্বতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তো শ্ব’ক কেৱল এখন মেচত সুযোগ প্ৰদান কৰিছিল নিৰ্বাচকমণ্ডলীয়ে। ইয়াকে লৈ হতাশাত ভোগা শ্ব’ই অতি শেহতীয়াকৈ ঘৰুৱা টুৰ্ণামেণ্টৰ লগতে আই পি এলতো চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল।
তাৰ পিছতো ইংলেণ্ড ভ্ৰমণৰ বাবে স্থান লাভ নকৰা শ্ব’ই কেইজনমান বন্ধুৰ সৈতে বৃহস্পতিবাৰে গোৱা অভিমুখে ৰাওনা হৈছিল। লকডাউনৰ মাজত গোৱালৈ যোৱাৰ প্রয়োজনীয় অনুমতি নথকাৰ বাবেই আধা বাটতে আৰক্ষীয়ে বাধা প্ৰদান কৰে খেলুৱৈগৰাকীক। মহাৰাষ্ট্ৰৰ অম্বুলীত আৰক্ষীয়ে ভ্রমণৰ নথি পত্ৰ বিচৰাত সেয়া দেখাব নোৱাৰিলে ক্ৰিকেটাৰগৰাকীয়ে। তাৰ পিছত আৰক্ষীয়ে কিছু সময়ৰ বাবে আটক কৰে শ্বৰ লগতে তেওঁৰ সতীৰ্থকেইজনক। আটক হৈ থকাৰ সময়তে অনলাইনযোগে অনুমতিপত্ৰ যোগাৰ কৰি পুনৰ গোৱা অভিমুখে ৰাওনা হয় খেলুৱৈগৰাকী।