Monday, October 3, 2022
HomeNewsফিফাৰ 'উই উইল উইন' শীৰ্ষক গীত: বিশ্ব প্ৰসিদ্ধ পেলে, মাৰাডোনা আদিৰ সৈতে...

ফিফাৰ ‘উই উইল উইন’ শীৰ্ষক গীত: বিশ্ব প্ৰসিদ্ধ পেলে, মাৰাডোনা আদিৰ সৈতে স্থান পালে বাইচুঙ ভূটিয়াই

olympiasports.in

ক’ভিড-১৯ ৰ মহামাৰীৰ সময়ছোৱাত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি স্বাস্থ্য সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ ফিফাই তৈয়াৰ কৰিছে ‘উই উইল উইন’ শীৰ্ষক এক ভিডিঅ’। বৰ্তমানৰ তাৰকা ফুটবলাৰ আৰু প্ৰাক্তন তাৰকা ফুটবলাৰৰ সহায়ত তৈয়াৰ কৰা এই ভিডিঅ’টোত বিশ্বৰ ৫০ ফুটবলাৰে স্থান লাভ কৰিছে। এইসকলৰ ভিতৰত আছে প্ৰাক্তন ভাৰতীয় ফুটবল তাৰকা বাইচুং ভূটীয়াও।

‘সমগ্ৰ বিশ্বজুৰি নিজৰ জীৱন বিপন্ন কৰি মানুহক সহায় কৰাৰ বাবে স্বাস্থ্য কেন্দ্ৰ সমূহত কাম কৰি আছে বিভিন্ন স্বাস্থ্যকৰ্মী আৰু স্বেচ্ছাসেৱকে। মানুহৰ জীৱন সুৰক্ষিত কৰি ৰখাৰ বাবে ফাৰ্মাচী, দোকান, ৱেৰহাউচ, ডেলিভাৰী চাৰ্ভিছ, ৰাজহুৱা পৰিবহন আৰু সুৰক্ষাৰ দিশটো অনেকে চাকৰি কৰি আছে। স্ব ইচ্ছাই সেৱা আগবঢ়াইছে। এইসকলো নায়কৰ শাৰীৰ লোকৰ প্ৰতি ফুটবলে কৃতজ্ঞতা প্ৰকাশ কৰিছে। ফুটবলে আপোনালোকক ৰোমন্থন কৰিছে আৰু ফুটবলে আপোনালোকক সমৰ্থন কৰিছে।’ স্বাস্থ্য কৰ্মীসকলক উদ্দেশ্য কৰি এইদৰে কয় ফিফাই।

ফিফাই মুকলি কৰা ভিডিঅ’টো

ফিফাই ৫০ গৰাকী ফুটবলাৰৰ সহায়ত তৈয়াৰ কৰা ‘উই উইল উইন’ শীৰ্ষক ভিডিঅ’টো স্বাস্থ্য কৰ্মীসকললৈ উৎসৰ্গিত কৰিছে। ভিডিঅ’টোত ভাৰতীয় প্ৰাক্তন ফুটবলাৰ বাইচুং ভূটীয়াই বিশ্ব প্ৰসিদ্ধ ফুটবলাৰ পেলে, মাৰাডোনা, জিনেদাইন জিদান, ডেভিড বেকহাম, ৰোনাল্ডো আদিৰ লগত একেশাৰীত স্থান লাভ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments