Monday, October 3, 2022
HomeNewsবাইচুং ভুটিয়াৰ মহানুভৱতা:নিজৰ বাসগৃহত আশ্ৰয় দিব প্ৰবৰ্জিত শ্ৰমিকক

বাইচুং ভুটিয়াৰ মহানুভৱতা:নিজৰ বাসগৃহত আশ্ৰয় দিব প্ৰবৰ্জিত শ্ৰমিকক

বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰতো সন্মুখীন হৈছে এক অভূতপূৰ্ব পৰিস্থিতিৰ। কৰ’নাই কঢ়িয়াই অনা বিভীষিকাৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো হাতে কামে লগা পৰিলক্ষিত হৈছে। তেনে সময়তে ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই দেখুওৱা মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সম্প্ৰতি দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ বাবে চিকিমত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ আশ্ৰয়ৰ বাবে তেওঁ নিজৰ অট্টালিকা প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ফুটবলাৰগৰাকী বৰ্তমান নিজেও চিলিগুৰিত আৱদ্ধ হৈ পৰিছে। ক’লকাতাৰ পৰা উভতা পথত লকডাউন ঘোষিত হোৱাত তেওঁ ঘৰত উপস্থিত হ’ব নোৱাৰি চিলিগুৰিতে আৱদ্ধ হৈ পৰিল।

“কলকাতাৰ পৰা ঘূৰি আহিলো যদিও লকডাউনৰ বাবে মই এতিয়া ইয়াত আছো। সেয়ে মই ইয়াৰ পৰা সকলো সহযোগিতা আগবঢ়াম’, তেওঁ এই কথা জনায়।

লগতে তেওঁ উল্লেখ কৰে যে, ‘ছিকিমত বহুসংখ্যক প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে। এই পৰ্যন্ত ছিকিমত এটাও ক’ৰ’নাত আক্ৰান্ত ৰোগী ধৰা পৰা নাই। সেয়ে মই মোৰ অট্টালিকাটো তেনে শ্রমিকসকলক ব্যৱহাৰৰ বাবে প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো’। উল্লেখযোগ্য যে চিকিমস্থিত ভূটীয়াৰ নিজ বাসভৱনত বৰ্তমান ১০ জন লোকে আশ্ৰয় লৈ আছে যদিও তেওঁৰ অট্টালিকাটোত প্ৰায় ১০০জন লোক থাকিব পৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁৰ বাসগৃহত থাকিবলগীয়া লোকসকলক তেওঁ খাদ্যও প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ সচিবে পত্ৰৰ জৰিয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে প্ৰব্ৰজিত শ্ৰমিক সকলৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। কেন্দ্ৰীয় চৰকাৰৰ এনে আহ্বানক পালন কৰিবলৈ গ্ৰহণ কৰা বাইচুং ভুটিয়াৰ এনে প্ৰচেষ্টা শলাগিবলগীয়া।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments