Tuesday, October 4, 2022
HomeNewsক'ৰনাত আক্ৰান্তৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছে বজৰং পুনিয়া

ক’ৰনাত আক্ৰান্তৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছে বজৰং পুনিয়া

olympiasports.in

সমগ্ৰ বিশ্বত ক’ৰনা ভাইৰাছে মাৰাত্মক ৰূপ ধৰাৰ লগতে ভাৰততো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে ভাৰতত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ৫০০ ৰ ঘৰ অতিক্ৰম কৰিলে। এনে এক পৰিস্থিতিত ভাৰত চৰকাৰে সমগ্ৰ দেশক ১৪ এপ্ৰিললৈ লকডাওন ঘোষণা কৰিছে। ভাৰতৰ ক’ৰনা আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিছে ভাৰতৰ তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়া।

ভাৰতৰ ক’ৰনাত আক্ৰান্ত সকলৰ চিকিৎসাৰ বাবে বজৰং পুনিয়াই নিজৰ ছমাহৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা বজৰং পুনিয়াই সংবাদ মাধ্যৰ আগত অৱগত কৰাৰ উপৰিও নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে।

পুনিয়াই সংবাদ মাধ্যমৰ আগত কয় যে- ক’ৰনা ভাইৰাছে আমাৰ দেশত দিনকদিনে আতংকৰ সৃষ্টি কৰিছে‌ আৰু এইৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। যিটো চিন্তাৰ বিষয় হৈ পৰিছে। এই ৰোগত আক্ৰান্ত সকলৰ কাৰণে মই ছমাহৰ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।

উল্লেখ্য যে বজৰং পুনিয়াই ২০১৯ চনৰ বিশ্ব মল্লযু‍ঁজ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল। আনহাতে তেওঁ ৰেল বিভাগৰ স্পেচিয়েল ডিউটীৰ বিষয়া হিচাপেও নিযুক্ত হৈ আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments