অলিম্পিয়া বাৰ্তা
হিমা দাস অসমীয়া নহয়। ধিং এক্সপ্ৰেছ, স্বৰ্ণ কন্যা বুলি সততে অসমবাসীয়ে গৌৰৱ কৰি অহা হিমা দাস বাঙালী। এই কথা আমি কোৱা নাই। এই কথা প্ৰকাশ কৰিছে নিউজ১৮ বাংলা নামৰ নিউজ চেনেলটোৱে তেওঁলোকৰ বাংলা ডিজিটেল সংস্কৰণত।

উল্লেখযোগ্য যে অসম কন্যা হিমা দাসৰ নাম অসম চৰকাৰে খেলৰত্নৰ বাবে প্ৰস্তাৱ কৰা বাতৰি যোগান ধৰিবলৈ গৈ নিউজ ১৮ বাংলাই হিমা দাসক বাঙালী কন্যা বুলি অভিহিত কৰে। তলত আমি নিউজ পৰ্টেলয়ে প্ৰকাশ কৰা বাতৰিৰ স্ক্ৰীণ শ্বট প্ৰকাশ কৰিছোঁ। য’ত দুঠাইত নিউজ চেনেলটোৱে অসম কন্যাগৰাকীক অভিহিত কৰিছে বাঙালী কন্যা বুলি। চেনেলটোৱে তেওঁলোকৰ হেডলাইনত উল্লেখ কৰিছে এইবুলি, বয়স মাত্ৰ কুৰি, ৰাজীৱ খেলৰত্নৰ বাবে মনোনীত বাংলা কন্যা হিমা দাস।
