Wednesday, October 5, 2022
HomeNewsপ্ৰখ্যাত ফুটবলাৰ মাৰাডনাক কি উপহাৰ দিছিল বাপ্পী লাহিড়ীয়ে ??

প্ৰখ্যাত ফুটবলাৰ মাৰাডনাক কি উপহাৰ দিছিল বাপ্পী লাহিড়ীয়ে ??

অলিম্পিয়া প্ৰতিবেদন

চিৰবিদায় ললে ‘ডিস্কো কিং” বাপ্পী লাহিড়ীয়ে । ভাৰতৰ সংগীত ইতিহাসৰ এক অধ্যায়ৰ পৰিল যৱনিকা । দেশ-বিদেশৰ প্ৰতি কোণত বৈ গল বিষাদৰ বন্যা । ক্ৰীড়া জগততো শোকৰ ছাঁ ।

বুধবাৰে পুৱাই আহিল ভাৰতৰ বাবে এক দুঃখবৰ । কিংবদন্তি সংগীত শিল্পী বাপ্পী লাহিড়ী আৰু এই ইহলোকত নাই । মুম্বাইৰ এখন হাস্পতালত ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰসিদ্ধ সংগীত শিল্পীগৰাকীয়ে । নিজৰ গানৰ শৈলীৰে শিশুৰ পৰা বৃদ্ধলৈকে অজস্ৰ জনক আপ্লুত কৰি ৰাখিছিল লাহিড়ীয়ে । এই গৰাকী সংগীত শিল্পীয়ে অন্তৰৰ পৰা ভাল পাইছিল ক্ৰীড়াক । বাপ্পী লাহিড়ীৰ কন্ঠত নিগৰিছিল কেইবাটাও ক্ৰিকেট আৰু ফুটবল সম্বন্ধীয় গীত । তেওঁ মনে প্ৰাণে ভাল পাইছিল বিশ্বৰ তাৰকা ফুটবলাৰ মাৰাডনাক । ২০১৬ বৰ্ষত নিজে সংগীত সংগত কৰি এটি গীত উপহাৰ দিছিল আৰ্জেন্টিনাৰ বিখ্যাত ফুটবলাৰ গৰাকীক । গীতটিৰ নাম আছিল “ফুটবল ফেভাৰ” । সঁচাকৈ ফুটবলক কিমান ভাল পালে এনে কাম কৰিব পাৰে এগৰাকী সংগীত শিল্পীয়ে !

এই গৰাকী কিংবদন্তি সংগীত শিল্পীৰ মৃত্যুত টুইটাৰত শোক প্ৰকাশ কৰিলে বহু কেইগৰাকী ক্ৰিকেটাৰে । মাষ্টাৰ ব্লাষ্টাৰ শচীনে প্ৰেৰণ কৰিলে শোকবাৰ্তা । বাপ্পী লাহিড়ীৰ “য়াদ আ ৰাহা হে” শীৰ্ষক গীতটো শুনি ড্ৰেচিং ৰূমত আপ্লুত হৈছিল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ।
সেইদৰে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলিও লিখিলে– মৃত্য হ’ল ভাৰতীয় সংগীতৰ আইকণৰ । আমি সদায় মিছ কৰিম । আনহাতে যুৱৰাজ সিঙ, দিনেশ কাৰ্তিক, মহম্মদ আজাহাউদ্দিন আদিৰ দৰে কিংবদন্তি ক্ৰিকেটাৰ সকলেও সোৱৰিলে মহান শিল্পী গৰাকীক ।

একেটা মাহতে ভাৰতীয় সংগীতৰ বাবে এইটো আছিল দ্বিতীয়টো অপূৰণীয় ক্ষতি । সৌ সিদিনা লতা মংগেশকাৰৰ মৃত্যুৰ যন্ত্ৰণা মাৰ নৌযাওতেই আহিল আন এক মৃত্যুৰ সংবাদ ।
সঁচাকৈ সংগীতে ঠিক ক্ৰীড়াৰ দৰেই জাতি-ধৰ্ম, বৰ্ণ, দেশ নিৰ্বিশেষে বান্ধি ৰাখে একতাৰ দোলেৰে । যি সংগীতৰ লহৰত মোহাচ্চন্ন হয় ক্ৰিকেটৰ ভগৱান শচীনো । সেই গৰাকী মহান সংগীত শিল্পীক অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও জনালো সশ্ৰদ্ধ প্ৰণাম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments